কাৰ্বি আংলং : অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ আন এক বৃহৎ সাফল্য। কাৰ্বি আংলংত পুনৰ অসম আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ ড্ৰাগছ। প্ৰায় ১৫ কোটি টকা মূল্যৰ বিভিন্ন প্ৰকাৰৰ ড্ৰাগছসহ আৰক্ষীৰ জালত তিনি ড্ৰাগছ সৰবৰাহকাৰী। মণিপুৰৰ পৰা ড্ৰাগছ সৰবৰাহকাৰী তিনিজনে এখন বাহনত লুকুৱাই আনিছিল এই বৃহৎ পৰিমাণৰ ড্ৰাগছ।

অসম আৰক্ষীয়ে ড্ৰাগছমুক্ত অসম গঢ়াৰ লক্ষ্যৰে ধাৰাবাহিক ড্ৰাগছ বিৰোধী অভিযান চলাই এটাৰ পিছত আনটো সাফল্য লাভ কৰি থকাৰ মাজতো ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ সৰবৰাহ। একাংশ ড্ৰাগছ সৰবৰাহকাৰীয়ে অসম আৰক্ষীৰ চকুত ধূলি দি অসমৰ মাজেৰে ড্ৰাগছ সৰবৰাহৰ নতুন নতুন কৌশল অৱলম্বন কৰা পৰিলক্ষিত হৈছিল। ড্ৰাগছ সৰবৰাহকাৰী সকলৰ এনে বহু কৌশল আৰক্ষীয়ে বিফল কৰিবলৈ সক্ষম হৈছে।

অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ সাফল্য সমূহৰ ভিতৰত কাৰ্বি আংলং আৰক্ষীয়ে কেইবাটাও উল্লেখযোগ্য সাফল্য লাভ কৰা দেখিবলৈ পোৱা গৈছে। কাৰ্বি আংলং আৰক্ষীৰ সাফল্য সমূহত সংযোগ হৈছে আন এক বৃহৎ সাফল্য। প্ৰায় ১৫ কোটি টকা মূল্যৰ বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ জব্দ কৰাৰ লগতে তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে কাৰ্বি আংলং আৰক্ষীয়ে। এখন বাহনত তালাচী চলাই ড্ৰাগছখিনি জব্দ কৰে কাৰ্বি আংলং আৰক্ষীয়ে।

এক গোপন খবৰৰ ভিত্তিত কাৰ্বি আংলং আৰক্ষীয়ে এখন বাহনত তালাচী চলাই তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে। বাহনখনৰ পৰা আৰক্ষীয়ে ৩৮০ গ্ৰাম হে’ৰইন, ১ কেজি মৰ্ফিন আৰু ২ কেজি মেথমফেটামাইনা জব্দ কৰে। ড্ৰাগছ সৰবৰাহকাৰী তিনিজনে এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি মণিপুৰৰ পৰা আনিছিল বুলি জানিব পৰা গৈছে।

জব্দকৃত ড্ৰাগছখিনি পশ্চিম বংগলৈ নিয়াৰ চেষ্টা চলাই ড্ৰাগছ সৰবৰাহকাৰী তিনিজন আৰক্ষীৰ জালত পৰে। আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে যে এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি ম্যানমাৰ পৰা অনা হৈছিল। ড্ৰাগছ সৰবৰাহকাৰী তিনিজনক অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।