আজিজ আলী

নলবাৰী : ১৩৬ বেটেলিয়ান চিআৰপিএফ বাহিনীৰ প্ৰশংসনীয় পদক্ষেপ। নলবাৰীৰ সৰিয়হতলীত ১৩৬ নং বেটেলিয়ানৰ চিআৰপিএফ বাহিনীৰ বানাক্ৰান্তৰ বাবে বিশাল বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন। নলবাৰীৰ যুৱ চামক চিআৰপিএফ বাহিনীত যোগদান কৰিবলৈ আহ্বান জনায় মহানিৰীক্ষক জয়দেৱ কেছৰিয়ে।

ৰাজ্যৰ কেইবাখনো জিলা বানৰ কবলত। বছৰৰ দ্বিতীয়টো বানে সংহাৰী ৰূপ ধাৰণ কৰি ধ্বংসলীলা চলাইছে ৰাজ্যৰ। বাঢ়নী পানীৰ ধ্বংসলীলাৰ পৰা ৰক্ষা পৰা নাই নলবাৰী জিলা। জিলাখনৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰাত ক্ষতিগ্ৰস্ত হৈছে জিলাখনৰ কেইবা হাজাৰ লোক। বানৰ সময়ত খাদ্য, বিশুদ্ধ খোৱা পানী আৰু চিকিৎসা সেৱাৰ পৰা বঞ্চিত হোৱা জিলাখনৰ ৰাইজৰ কাষত চিআৰপিএফ বাহিনী।

বানপানীৰ সময়ত বানাক্ৰান্ত ৰাইজক সকলো সময়তে বিভিন্ন ধৰণে সহায় সহযোগিতা আগবঢ়াই আহিছে চিআৰপিএফ বাহিনীয়ে বান পতিস্থিতি কিছু উন্নত হোৱাত বানাক্ৰান্ত ৰাইজক চিকিৎসা সেৱা প্ৰদানৰ বাবে আগবাঢ়ি আহিছে। নলবাৰীৰ সৰিয়হতলীস্থিত ১৩৬ নং বেটেলিয়ান চিআৰপিএফ বাহিনীয়ে বানৰ সময়ত বানাক্ৰান্ত ৰাইজক উদ্ধাৰ কৰাৰ লগতে বিভিন্ন ধৰণে সহায় কৰি অহা পৰিলক্ষিত হৈছে। এইবাৰ বানাক্ৰান্ত ৰাইজৰ বিভিন্ন বেমাৰ তথা স্বাস্থ্য দিশত গুৰুত্ব আৰোপ কৰি সেৱাৰ মনোভাৱৰে ওলাই আহিল ১৩৬ নং চিআৰপিএফ বাহিনী।

দেওবাৰে নলবাৰীৰ সৰিয়হতলীত ১৩৬ নং চিআৰপিএফ বাহিনী আৰু নলবাৰী স্বাস্থ্য বিভাগৰ যৌথ প্ৰচেষ্টাত এক বিশাল বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয়। নলবাৰী অসামৰিক চিকিৎসালয়ৰ অভিজ্ঞ চিকিৎসকৰ লগত চিআৰপিএফ বাহিনীৰ চিকিৎসকৰ দলে স্বাস্থ্য পৰীক্ষা কৰে বানাক্ৰান্ত ৰাইজৰ।
চিআৰপিএফ বাহিনীৰ পৰিচালন বঙাইগাঁৱৰ আৰক্ষী উপ মহানিৰীক্ষক জয়দেৱ কেশৰীয়ে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা এই স্বাস্থ্য শিবিৰটোত উপস্থিত বানাক্ৰান্ত ৰাইজক স্বাস্থ্য প্ৰতি সজাগ হ’বলৈ আহ্বান জনায়।

লগতে অসমৰ নিবনুৱা যুৱক-যুৱতীক চিআৰপিএফ বাহিনীত যোগদান কৰিবলৈ আহ্বান জনায় বিষয়া গৰাকীয়ে।
১৩৬ নং চিআৰপিএফ বাহিনীৰ কামানডেন্ট অজিত সাংৱান, উপ কামানডেন্ট বিজয় কুমাৰ মাল্লিক,১০ নং বেটেলিয়ন চিআৰপিএফ বাহিনীৰ কামানডেন্ট পিএচ গোবৰিয়াল, ২১০ চিআৰপিএফ কোব্ৰা বাহিনীৰ ডাঃ মোতিলালসহ অন্যান্য চিকিৎসক তথা বিষয়ববীয়া-জোৱানৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে।