হোজাই, সংবাদ ৩৬৫, ১২ অক্টোবৰ : হোজাই জিলাৰ লংকাৰ ভালুকমাৰীত পুৱতি নিশা সংঘটিত হয় এক অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত হৰকুমাৰ দাস নামৰ লোকজনৰ এখন গাড়ী আৰু এটা ঘৰ জুইত ভষ্মীভূত হয় ৷

জুইৰ লেলিহান শিখা বিয়পি পৰাত চুবুৰীয়া শংকৰ পাল নামৰ লোকজনৰ ঘৰটো জুইৰ সূত্ৰপাত হয় ৷ স্থানীয় ৰাইজৰ তৎপৰতাত নিৰ্বাপিত হয় জুই ৷

আনহাতে, হৰকুমাৰ দাসে পৰিকল্পিতভাৱে এই অগ্নিকাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷

উল্লেখ্য যে, শুকুৰবাৰে এটি বাল্ব চুৰিৰ অপৰাধত স্থানীয় ৰাইজৰ ৰোষত পৰিছিল হৰকুমাৰ দাস । দোকানৰ চিচি টিভি ফুটেজত তেওঁৰ চুৰিকাণ্ড ধৰা পৰাৰ পাচতে লোকলজ্জাৰ পৰা হাত সৰাৰ লগতে ৰাইজক জগৰীয়া কৰিবলৈ এনে নিকৃষ্ট পন্থা অৱলম্বনৰ অভিযোগ উঠিছে হৰকুমাৰৰ বিৰুদ্ধে ।

ইপিনে, আৰক্ষীৰ পৰা হাত সাৰিবলৈ শুকুৰবাৰৰ পৰা আত্মগোপন কৰি আছে হৰকুমাৰ দাসে ।