ডিমৰিয়া, সংবাদ ৩৬৫, ১২ অক্টোবৰ : ধৈৰ্য্যৰ সীমা চেৰাইছে একাংশ ৰোগীৰ । একমাত্র চৰকাৰী চিকিৎসা কেন্দ্ৰত চিকিৎসাৰ বাবে আহি অপমানিত হৈ উভতিছে একাংশ বয়োজ্যেষ্ঠ ৰোগীয়ে।

সময়মতে চিকিৎসক আহি নোপোৱাত নগাঁও, মৰিগাঁও আদিৰ পৰা অহা ৰোগীয়ে চিকিৎসালয়ৰ নাৰ্ছক চিকিৎসকৰ সন্দৰ্ভত সোধ-পোচ কৰোঁতে অপমানিত হোৱা কথা বহু দিনীয়া।

উক্ত বিষয়টো ডিমৰিয়া অসম সংগ্ৰামী যুৱ ছাত্ৰ সন্থাৰ একাংশ যুৱ নেতাই বহু দিনৰে পৰা পৰিলক্ষিত কৰি আহিছিল আৰু আজি চিকিৎসালয়ৰ পৰিদৰ্শকক অৱগত কৰি এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

যদি চিকিৎসালয়খনৰ পৰিৱেশ তথা চিকিৎসকৰ ময়মতালি সলনি নহয় তেনেহলে পৰৱৰ্তী সময়ত বিহিত ব্যৱস্থা হাতত লব বুলি সকীয়াই দিয়ে সংগঠনটোৰ সভাপতি আখটাৰ হুছেইনে।