বাইহাটা চাৰিআলি, ১৭ জুনঃ চিপাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত মুচলিম ঘোপাৰ অন্তৰ্গত মজনুৰ আলি নামৰ এজন প্ৰৱঞ্চকক গুৱাহাটীত আটক কৰা হয়৷ মজনুৰ আলীয়ে কমলপুৰৰ ধীৰাজ শইকীয়াৰ পৰা কামৰ ঠিকা যোগানৰ নামত ২০০৯ চনত ১.৫ লাখ টকা ঘোচ লৈছিল৷ কিন্তু ধীৰাজ শইকীয়াৰ পৰা ধন লোৱাৰ পিছত মজনুৰে পলায়ন কৰে৷ হঠাতে ধীৰাজ শইকীয়াই গুৱাহাটীত মজনুৰক দেখা পাই কেইজনমান বন্ধুৰে মিলি ধৰি ভৰলু থানাত চমজাই দিয়ে৷ ধীৰাজ শইকীয়াই বাইহাটা চাৰিআলি থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত বাইহাটা আৰক্ষীয়ে ভৰলু থানাৰ পৰা মজনুৰক আনি সোধ-পোছ কৰে৷ মজনুৰে আৰক্ষীৰ আগত ধন লোৱাৰ কথা স্বীকাৰ কৰে৷ বাইহাটা আৰক্ষীয়ে মজনুৰৰ বিৰুদ্ধে ১৩৪/১৭ অধীনত ৪২০/ ৪০৬ নম্বৰত গোচৰ ৰুজু কৰে৷