জাগীৰোড, ১৭ জুনঃ তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নামত সংঘটিত হৈছে ব্যাপক লুন্ঠন৷ পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তাই বিভিন্ন ভূৱা নিৰ্মাণ সমিতি গঠন কৰি কোটি কোটি টকাৰ ব্যাপক লুন্ঠন চলাইছে৷ এই অভিযোগ পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য নাদিৰাম দেউৰীৰ৷ এক সংবাদমেলৰ জৰিয়তে নাদিৰাম দেউৰীয়ে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰে৷ নাদিৰাম দেউৰীয়ে জানিবলৈ দিয়া মতে তথ্য জনাৰ আইনৰ আইনৰ জৰিয়তে তেওঁ তিৱা স্বায়ত্ব শাসিত পৰিষদত সংঘটিত এই ভয়ংকৰ দুৰ্নীতিৰ কথা জানিব পাৰে৷ পৱন মান্তাই তিৱা স্বায়ত্ব শাসিত পৰিষদত একনায়কত্ববাদ চলাইছে৷ মান্তাই তিৱা জাতিৰ সামগ্ৰিক উন্নয়নৰ কাৰণে গঠিত তিৱা স্বায়ত্ব পৰিষদত বিভিন্ন ভূৱা নিৰ্মাণ সমিতি গঠন কৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ নামত বৃহৎ অংকৰ ধন আত্মসাৎ কৰিছে৷ অভিযোগ অনুসৰি জাগীৰোড মহাবিদ্যালয়ৰ সংগ্ৰহালয় নিৰ্মাণৰ নামত আৱন্টিত হয় ১০ লাখ টকা৷ ইয়াৰে মান্তাৰ নেতৃত্বত গঠিত ভূৱা সমিতিয়ে ৬ লাখ টকাৰ আত্মসাৎ কৰিছে৷ একেদৰে, জাগীৰোড মহাবিদ্যালয়ৰ খেলপথাৰৰ নামত আৱন্টিত ১০ লাখ টকাৰ ৬ লাখ টকা ভূৱা সমিতিয়ে আত্মসাৎ কৰিছে৷ জাগীৰোড স্বপ্না মজিকা পাৰ্কৰ নামত আৱন্টিত ১০ লাখ টকাৰ ৬ লাখ টকা, গণেশ সেনা মে’মৰিয়েল হোষ্টেলৰ নামত আৱন্টিত ৮ লাখ টকাৰ ৪ লাখ ৮০ হাজাৰ টকা ভূৱা সমিতিয়ে আত্মসাৎ কৰিছে৷ এনেদৰে এতিয়া তিৱা স্বায়ত্ব শাসিত পৰিষদত দুৰ্নীতিৰ প্ৰতিযোগিতাহে চলিছে৷ যাৰ কাৰণে উক্ত আঁচনি সমূহৰ আৱন্টিত ধনেৰে তিলমানো উন্নয়ন মূলক কাম নহ’ল৷ আনহাতে তিৱা স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য নাদিৰাম দেউৰীৰ এই অভিযোগ নাকচ কৰিছে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তাই৷ মান্তাই অভিযোগ কৰা মতে নাদিৰামে পৰিষদৰ পৰা ৪৫ লাখ টকা দাবী কৰিছিল৷ কিন্তু পৰিষদে এই ধন দিবলৈ অমান্তি হোৱাত প্ৰাক্তন কাৰ্যবাহী সদস্য জনে এই অভিযোগ উত্থাপন কৰিছে৷