গুৱাহাটী : অসম তথা উত্তৰ-পূবৰ জৈৱিক কৃষিজাত সামগ্ৰীৰ ৰপ্তানিৰ এক পৰিৱেশ তথা পথ সুগম কৰাৰ উদ্দেশ্যে কৃষি আৰু সংশোধিত খাদ্য সামগ্রী ৰপ্তানি উন্নয়ন প্ৰাধিকৰণ চমুকৈ এপিইডিএৰ উদ্যেগত মহানগৰীত অনুষ্ঠিত কৰা হয় এক সন্মিলন। অসম তথা উত্তৰ-পূৰ্ব্বৰ উৎপাদিত জৈৱিক কৃষিজাত সামগ্ৰীসমূহ ৰপ্তানিৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰাৰ লক্ষ্যৰে এই সন্মিলনৰ আয়োজন কৰা হয়। সন্মিলনত অসম তথা উত্তৰ-পূবৰ ব্যৱসায়ী তথা ৰপ্তানিকৰ্তা সকল উপস্থিত থাকে। সন্মিলন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কৃষিমন্ত্ৰী অতুল বৰাই।

অনুষ্ঠানত অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব তথা কৃষি উৎপাদন আয়ুক্ত ডাঃ আশীষ কুমাৰ ভূটানী উপস্থিত থাকে। উদ্বোধনী ভাষণত কৃষি মন্ত্ৰী অতুল বৰাই অসমৰ লগতে উত্তৰ-পূর্ব অঞ্চলৰ অন্যান্য ৰাজ্যসমূহৰ প্ৰাকৃতিক আৰু জৈৱিক কৃষিজাত সামগ্ৰীৰ ৰপ্তানিৰ প্ৰসাৰৰ বাবে এপিইডিএয়ে গ্রহণ কৰা প্রচেষ্টা আৰু পদক্ষেপক প্রশংসা কৰে। অনুষ্ঠানত এপিইডিএৰ অধ্যক্ষ ডাঃ এম অংগমুথুৱে কয় যে এই সন্মিলনে অসমৰ উৎপাদক আৰু প্রচেছৰ সকলক তেওঁলোকৰ সামগ্রী প্রদর্শন তথা ৰপ্তানিৰ লগতে তেওঁলোকৰ পাইকাৰী আৰু খুচুৰা বিক্ৰীৰ প্ৰচাৰ কৰাৰ সুযোগ প্রদান কৰিব। অসমকে ধৰি উত্তৰ পূবৰ ৰাজ্যসমূহত ৰপ্তানি পেকেটৰ আধাৰ সম্প্ৰসাৰিত কৰাত সহায় কৰে আৰু ৰাজ্যখনৰ জনসাধাৰণৰ মাজত নিযুক্তিৰ সুযোগ বুদ্ধি কৰাত সহায় কৰিব বুলি অধ্যক্ষ গৰাকীয়ে উল্লেখ কৰে।

সন্মিলনত কৃষক, এফপিঅ’, উদ্যোগী আৰু চৰকাৰী বিষয়াসকলক মানদণ্ডৰ মাপকাঠি, পুষ্টিগত মূল্য, পৰীক্ষাগাৰ পৰীক্ষা আৰু স্বাস্থ্যৰ মাপকাঠি পূৰণ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰা হয়। এপিইডিএৱে কৃষি মন্ত্ৰালয়ৰ বিষয়া সকলক ক্ষমতা নিৰ্মাণৰ সুবিধা প্রদান কৰাৰ পৰিকল্পনা কৰিছে আৰু বাচনিকৃত বিষয়াসকলক বাংগালোৰ, মহাৰাষ্ট্ৰ, গুজৰাট আদিলৈ প্ৰেৰণ কৰা হ’ব।লক্ষণীয়ভাৱে প্রধানমন্ত্রীয়ে তেওঁৰ মন কি বাত’ত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ পৰা জৈৱিক সামগ্রী ৰপ্তানিৰ বিষয়েও উল্লেখ কৰিছিল। অনুষ্ঠানটোত ২০ টাতকৈ অধিক ৰপ্তানিকর্তা, ৭০ টা কৃষক উৎপাদক সংগঠনৰ প্ৰতিনিধি অংশগ্ৰহণ কৰে।

সন্মিলনত ১৮ টা বিপনীত বিভিন্ন প্রাকৃতিক, জৈনি আৰু জিআই সামগ্ৰী প্ৰদৰ্শন কৰা হয়। এপিইডিএ কৃষি ৰপ্তানি নীতিৰ অধীনত ৰাজ্য সমূহক কৃষি উৎপাদন ৰপ্তানিৰ সম্ভাবনা ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰি আছে। এপিইডিএ-ৰ লক্ষ্য হৈছে ক্রেতাসকলৰ বাবে প্রয়োজন গোট আৰু প্ৰচেছৰৰ পৰা পোনপটীয়াকৈ সামগ্রীপ্রাপ্ত কৰাৰ বাবে এটা মঞ্চ সৃষ্টি করা। এপিইডিএয়ে ৰপ্তানিকৰ্তা সকলক তেওঁলোকৰ খাদ্য সামগ্ৰীবোৰ বিশ্বৰ বজাৰত দাঙি ধৰাৰ এক মঞ্চ প্রদান কৰাৰ চেষ্টা চলাই আছে।