নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৫ অক্টোবৰ : দীৰ্ঘদিন ধৰি কাৰ্টাৰপুৰ কৰিড’ৰক লৈ চলি থকা বিতৰ্কৰ অৱসান ঘটাই বৃহস্পতিবাৰে এক গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ ভাৰত আৰু পাকিস্তানৰ ৷

কাৰ্টাৰপুৰ কৰিড’ৰ হৈছে শিখ সম্প্ৰদায়ৰ লোকসকলৰ ধৰ্মীয় উপাসনাৰ সংযোগী স্থল । কাৰ্টাৰপুৰ কৰিড’ৰ ভাৰতীয় শিখসকলে পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ নাৰোৱালস্থিত দৰবাৰ চাহিব গুৰুদ্বাৰ দৰ্শন কৰিবলৈ নিৰ্মাণ কৰিছিল ।

বৃহস্পতিবাৰে হোৱা চুক্তি অনুসৰি ভাৰতীয় মূলৰ সকলো ধৰ্মৰ তীৰ্থযাত্ৰীয়ে এই কৰিড’ৰ ব্যৱহাৰ কৰিব পাৰিব ৷ ইয়াৰ বাবে তীৰ্থযাত্ৰীসকলক প্ৰয়োজন হ’ব এখন বৈধ পাছপৰ্টৰ ।

কাৰ্টাৰপুৰ কৰিড’ৰে ভাৰতীয় সীমান্তৰ পৰা মাত্ৰ চাৰি কিলোমিটাৰ দূৰত্বত অৱস্থিত দৰবাৰ চাহিব গুৰুদ্বাৰৰ লগত ভাৰতৰ পঞ্জাৱস্থিত ডেৰা বাবা নানক মন্দিৰক সংযোগ স্থাপন কৰিব ৷