গুৱাহাটী, সংবাদ ৩৬৫, ২৫ অক্টোবৰ : শুকুৰবাৰৰ পৰা ২ দিনলৈ অব্যাহত থাকিব পাৰে বৰষুণ। এই বৰষুণ জাকৰ লগে লগেই ধৰালৈ যেন নামি আহিল শীত । গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিয়া অনুসৰি সমগ্ৰ উত্তৰ-পুৰ্বাঞ্চলতে আকাশ মেঘাচ্ছন্ন থাকিব আৰু অব্যাহত থাকিব এই বৰষুণ ।

অসমৰ বৰাক উপত্যকা আৰু মিজোৰামত এই বৰষুণ অব্যাহত থাকিব যদিও গুৱাহাটী মহানগৰীত দিপাৱলীলৈকে বৰষুণ কমাৰ সম্ভাৱনা আছে।

ইফালে উৰিষ্যাত সাগৰ পৃষ্ঠৰ পৰা ০.৯ কিলোমিটাৰ উচ্চতাত উৎপত্তি হোৱা ঘূৰ্ণি বতাহে প্ৰভাৱ পেলাইছে আৰু অসমত ইয়াৰ প্ৰভাৱ নপৰে যদিও মধ্য অসমলৈ থকা ৰেখাৰ ফলত বৰষুণ অব্যাহত আছে।