নিউজ ডেস্ক, ৪ ডিচেম্বৰ, ২০২৩ : ভাৰতীয় বায়ু সেনাৰ প্ৰশিক্ষণ বিমান দুর্ঘনগ্ৰস্ত (IAF Aircraft Crashes)। বিমান দুর্ঘটনাত বায়ু সেনাৰ দুজন পাইলটৰ মৃত্যু। মৃত্যু হোৱা পাইলট দুজনৰ ভিতৰত এজন প্ৰশিক্ষক, আনহাতে আনজন বায়ু সেনাৰ প্ৰশিক্ষাৰ্থী। দুর্ঘটনাৰ কাৰণ বর্তমানলৈকে জানিব পৰা হোৱা নাই। ভাৰতীয় বায়ু সেনাৰ উৰ্ধতম কৰ্তৃপক্ষই তদন্ত অব্যাহত ৰাখিছে। বিমান দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।

সোমবাৰে তেলেংগানাত সংঘটিত হৈছে এক মৰ্মান্তিক দুৰ্ঘটনা। ভাৰতীয় বায়ু সেনাৰ এখন প্ৰশিক্ষণ বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাত দুজন পাইলটৰ মৃত্যু হৈছে। ভাৰতীয় বায়ু সেনাৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে এই তথ্য। ভাৰতীয় বায়ু সেনাৰ বিষয়াসকলে জনোৱা মতে, সোমবাৰে পুৱা ৮.৫৫ বজাত তেলেংগানাৰ ডিণ্ডিগুলস্থিত বায়ু সেনা একাডেমীত দুৰ্ঘটনাগ্ৰস্ত হয় পিলাটাছ প্ৰশিক্ষণ বিমানখন। এই বিমান দুৰ্ঘটনাত বায়ু সেনাৰ দুজন পাইলটৰ মৃত্যু হয়।

মৃত্যু হোৱা পাইলট দুজনৰ ভিতৰত এজন প্ৰশিক্ষক আৰু আনজন ভাৰতীয় বায়ু সেনাৰ প্ৰশিক্ষাৰ্থী। ভাৰতীয় বায়ু সেনাৰ বিষয়াসকলে জনোৱা মতে, পুৱা বায়ু সেনা একাডেমীৰ পৰা নিয়মীয়া প্ৰশিক্ষণৰ বাবে ৰাওনা হৈছিল পিলাটাছ পিচি ৭ এমকে ২ বিমানখন। প্ৰশিক্ষণৰ বাবে ৰাওনা হোৱাৰ পিছতে বাটত দুৰ্ঘটনাগ্ৰস্ত হয় ভাৰতীয় বায়ু সেনাৰ প্ৰশিক্ষণ বিমানখন। ফলত বিমানখনত থকা দুয়োজন পাইলটৰ থিতাতে মৃত্যু হয়। তেলেংগানাৰ হায়দৰাবাদত সংঘটিত হোৱা এই বিমান দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।

সামাজিক মাধ্যম এক্সত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে লিখিছে যে হায়দৰাবাদৰ সমীপত সংঘটিত হোৱা বিমান দুৰ্ঘটনাৰ খবৰ লাভ কৰি দুখ লাগিছে। প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে লগতে লিখছে যে অতি দুখৰ বিষয় যে এই দুর্ঘটনাত দুজন পাইলটে প্ৰাণ হেৰুৱাইছে। দুর্ঘটনাৰ কাৰণ বর্তমানলৈকে জানিব পৰা হোৱা নাই যদিও ভাৰতীয় বায়ু সেনাৰ উৰ্ধতম কৰ্তৃপক্ষই তদন্ত অব্যাহত ৰাখিছে। তেলেংগানা টুডেৰ প্ৰতিবেদনত প্ৰকাশ কৰা অনুসৰি দুৰ্ঘটনা সংঘটিত হোৱাৰ কেইমিনিটমানৰ ভিতৰতে বিমানখন জ্বলি ছাই হৈ পৰে।

বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱা ঠাইতো অতি ডাঙৰ ডাঙৰ শিল দেখা গৈছে। ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী বিষয়া। দুৰ্ঘটনাটোৰ পিছত এটা ভিডিঅ’ও প্ৰকাশ পাইছে, য’ত বিমানখন জ্বলি থকা দেখা গৈছে। উল্লেখ্য যে পিলাটাছ হৈছে এখন সৰু বিমান, যিখন বায়ু সেনাই নিজৰ পাইলটসকলক প্ৰশিক্ষণ দিয়াৰ বাবে ব্যৱহাৰ কৰে।