আমিনগাঁও, ৩ ডিচেম্বৰ, ২০২৩ : আৰক্ষী আৰু ড্ৰাগছ সৰবৰাহকাৰীৰ মাজত গুলীয়াগুলী। আৰক্ষীৰ গুলীত নিহত এজন ড্ৰাগছ সৰবৰাহকাৰী (Drugs Paddler Encounter)। এগৰাকী মহিলা কনষ্টিবল, এজন ড্ৰাগছ সৰবৰাহকাৰী আৰু এজন সাধাৰণ নাগৰিক আহত। আহত সকলক চিকিৎসালয়লৈ প্ৰেৰণ। এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী।

অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। আৰক্ষীয়ে ড্ৰাগছৰ বিৰোধী অভিযান চলাই ইতিমধ্যে কেইবাটাও বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। কোটি কোটি টকাৰ বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ জব্দ কৰাৰ লগতে আৰক্ষীয়ে জালত পেলাইছে বহু কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছ ব্যৱসায়ীক। আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা চলাই আৰক্ষীৰ গুলীত গুলীবিদ্ধ হৈছে কেইবাজনো ড্ৰাগছ সৰবৰাহকাৰী।

পুনৰ আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীক লক্ষ্য কৰি গুলী চালনা কৰিছে। আৰক্ষীৰ গুলীত এজন ড্ৰাগছ সৰবৰাহকাৰী নিহত হোৱাৰ লগতে আহত হৈছে এজন ড্ৰাগছ সৰবৰাহকাৰী। আনহাতে এজন ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰিছে। আৰক্ষী আৰু ড্ৰাগছ সৰবৰাহকাৰীৰ মাজত হোৱা এই গুলীয়াগুলীৰ ঘটনাত এগৰাকী মহিলা কনষ্টিবল গুলীবিদ্ধ হৈছে বুলি জানিব পৰা গৈছে।

আৰক্ষী আৰু ড্ৰাগছ সৰবৰাহকাৰীৰ মাজত এই গুলীয়াগুলীৰ ঘটনা সংঘটিত হৈছে আজ্ঞাঠুৰীত। দেওবাৰে দিনৰ ভাগত আমিনগাঁৱৰ আজ্ঞাঠুৰীত ড্ৰাগছ সৰবৰাহকাৰীৰ গাড়ীলৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলী চালনা কৰে। আৰক্ষীৰ গুলীত মহম্মদ ছালাম নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰী নিহত হোৱাৰ লগতে এজন ড্ৰাগছ সৰবৰাহকাৰী, এগৰাকী মহিলা কনষ্টিবল আৰু এজন সাধাৰণ নাগৰিক আহত হৈছে। আনহাতে এজন ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে।

আহত ড্ৰাগছ সৰবৰাহকাৰীজনৰ নাম হিৰন্য ঠাকুৰীয়া বুলি জানিব পৰা গৈছে। নিহত মহম্মদ ছালামৰ ঘৰ হাতীগাঁৱত আৰু হিৰন্য ঠাকুৰীয়াৰ ঘৰ হাজোৰ বৰম্বৈত। সংকটজনক অৱস্থাত ড্ৰাগছ সৰবৰাহকাৰী হিৰন্য ঠাকুৰীয়াক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। জানিব পৰা মতে, জালুকবাৰীৰ পৰা হাজোৰ দিশত গৈ থকা ড্ৰাগছ সৰবৰাহকাৰীৰ বাহনখনক আৰক্ষীয়ে প্ৰথমে ৰখাবলৈ নিৰ্দেশ দিছিল। কিন্তু তীব্ৰ বেগেৰে পলাবলৈ চেষ্টা কৰাত আমিনগাঁও ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ সমুখত আৰক্ষীয়ে গাড়ীখনলৈ লক্ষ্য গুলী চালনা কৰে।

আৰক্ষী আৰু ড্ৰাগছ সৰবৰাহকাৰীৰ মাজত হোৱা গুলীয়াগুলীত হিমাজ্যোতি ডেকা নামৰ এগৰাকী মহিলা কনিষ্টবল গুলীবিদ্ধ হয়। আৰক্ষীয়ে পুনৰ আজ্ঞাঠুৰী গনেশ মন্দিৰৰ সমিপত ড্ৰাগছ সৰবৰাহকাৰীৰ বাহনখনলৈ লক্ষ্য কৰি গুলী চালনা কৰে। সেইসময়ত পথ অতিক্ৰম কৰিবলৈ ৰৈ থকা নুৰ ইছলাম নামৰ এজন স্থানীয় লোক আৰক্ষীৰ গুলীত গুলীবিদ্ধ হয়।আৰক্ষীয়ে পুনৰ ড্ৰাগছ সৰবৰাহকাৰীৰ বাহনলৈ গুলী চালনা কৰাত ঠিতাতে নিহত হয় ড্ৰাগছ সৰবৰাহকাৰী মহম্মদ ছালাম।

ইফালে ড্ৰাগছ সৰবৰাহকাৰীৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰিছিল এখন গুৱাহাটী অভিমুখী যাত্ৰীবাহী টেম্পোত।ফলত টেম্পোখনত যাত্ৰী হিচাপে থকা পছৰীয়াৰ ৰেৱতী ভৰালী নামৰ এজন লোক আঘাতপ্ৰাপ্ত হয়। আহত মহিলা কনষ্টিবল গৰাকীৰ লগতে ৰেৱতী ভৰালীক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। আনহাতে ফাইজুল ইছলাম নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক উত্তৰ গুৱাহাটী আৰক্ষীয়ে আটক কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।