ডিব্ৰুগড়, ৫ মে’ : গুলীবিদ্ধ আনন তাঁতীক (Injured Anan Tati) অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ স্থানান্তৰ। নিশাই মাৰ্ঘেৰিটাৰ পৰা স্থানান্তৰ কৰা হয় আৰক্ষীৰ গুলীত আহত হোৱা আনন তাঁতীক। নিশা মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ৰ সন্মুখত পৰিস্থিতি উত্তপ্ত হৈ পৰাত আনন তাঁতীক আৰক্ষীয়ে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰে।

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ নাবালিকা ধৰ্ষণ আৰু হত্যাকাণ্ড অভিযুক্ত আনন তাঁতীক নিশাই আৰক্ষীয়ে মাৰ্ঘেৰিটা অসামৰিক চিকিৎসলয়ৰ পৰা ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ স্থানান্তৰ কৰে। আৰক্ষীৰ গুলীত আহত হোৱা (Injured in police firing) আনন তাঁতীক আৰক্ষীয়ে চিকিৎসা বাবে মাৰ্ঘেৰিটা অসামৰিক চিকিৎসলয়লৈ অনাৰ পিছৰে পৰা চিকিৎসালয়ৰ সন্মুখত উত্তাল কৰি ৰাখিছিল প্ৰতিবাদকাৰী সকলে। আৰক্ষীয়ে আনন তাঁতীক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ স্থানান্তৰ কৰে।

আনন তাঁতীক বৃহস্পতিবাৰে আৰক্ষীয়ে অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ পৰা গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মাৰ্ঘেৰিটালৈ আনি থকাৰ সময়ত আনন তাঁতীয়ে আৰক্ষীৰ চকুত ধূলি দি পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে আনন তাঁতীক লক্ষ্য কৰি গুলী চালনা কৰিছিল। আৰক্ষীৰ গুলী ভৰিত লগাত গুৰুত্বৰভাৱে আহত হোৱা আনন তাঁতীক আৰক্ষীয়ে নিশা মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰিছিল।

উল্লেখ্য যে ১২ বছৰীয়া এগৰাকী নাবালিকা মাতৃৰ সৈতে বিহু চাবলৈ যাওঁতে নাবালিকা গৰাকীক মাতৃয়ে আনন তাঁতীৰ ঘৰত থৈ গৈছিল। নাবালিকা গৰাকী যোৱা ১ মে’ত মাতৃৰ সৈতে বিহু চাবলৈ গৈছিল। ২ মে’ৰ পুৱা নাবালিকা গৰাকীৰ টোপনি অহাত মাতৃয়ে নাবালিকা গৰাকীক আনন তাঁতীৰ ঘৰতে টোপনি যাবলৈ দি ঘৰলৈ ঘূৰি যায়। পিছত মাতৃয়ে নাবালিকা গৰাকীক আনন তাঁতীৰ ঘৰৰ পৰা আনিবলৈ যাওঁতে আনন তাঁতীয়ে নাবালিকা গৰাকী পুৱা ৭ মান বজাত ঘৰলৈ যোৱা বুলি মাতৃক জনায়।

ইয়াৰ পিছতে নাবালিকা গৰাকীৰ মাতৃয়ে আৰক্ষীৰ কাষ চাপে। আৰক্ষীয়ে তৎপৰতাৰে তদন্ত আৰম্ভ কৰি আনন তাঁতীৰ শৌচালায়ৰ পৰা নাবালিকা গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে। কাপোৰৰ টোপোলাৰ মাজত ভৰাই নাবালিকা গৰাকীৰ মৃতদেহ শৌচালায়ত লুকুৱাই ৰাখিছিল। ঘটনাৰ পিছৰে পৰা পলাতক অৱস্থাত থকা আনন তাঁতীক আৰক্ষীয়ে বৃহস্পতিবাৰে অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ পৰা গ্ৰেপ্তাৰ কৰিছিল। আনন তাঁতীৰ ফাঁচীৰ দাবীত জ্বলি উঠিছিল সমগ্ৰ মাৰ্ঘেৰিটা।