গুৱাহাটী, ৫ মে’ : মণিপুৰ অশান্ত, মণিপুৰ জ্বলিছে (Manipur is Buring)। মণিপুৰৰ আইন শৃংখলাৰ অৱস্থা দিনক দিনে অৱনতি ঘটিছে। মণিপুৰত শান্তি স্থাপন হোৱাটো বিচাৰিছে সকলোৱে। অশান্ত মণিপুৰত শান্তি বিচাৰিছে গুৱাহাটীৰ মণিপুৰী সম্প্ৰদায়ৰ লোক সকলে। মণিপুৰত শান্তি বিচাৰি গুৱাহাটীৰ মণিপুৰী বস্তিত সমবেত হ’ল গুৱাহাটী মহানগৰীত বসবাস কৰা মণিপুৰী সম্প্ৰদায়ৰ কেইবাশ লোক।

হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ গুৱাহাটীৰ মণিপুৰী সম্প্ৰদায়ৰ লোক সকলে মণিপুৰত শান্তি বিচাৰি বিভিন্ন শ্ল’গান দিয়ে। এই অনুষ্ঠানত মণিপুৰী মহিলা সমিতিৰ অৰ্ধ শতাধিক মহিলাৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা অহা ছাত্ৰ-ছাত্ৰী সকলো অংশগ্ৰহণ কৰে (Manipuri People of Guwahati want peace)। সকলোৱে মণিপুৰত সংঘটিত হৈ থকা হিংসাত্মক ঘটনাক তীব্ৰ গৰিহণা দিয়ে (Condemn Manipur Incident)। মণিপুৰত সংঘটিত হৈ থকা হিংসাত্মক ঘটনাৰ লগত জড়িত দুস্কৃতিকাৰী সকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰো দাবী জনায়।

প্রিয়দৰ্শনী নামৰ এগৰাকী মহিলাই কয় “আজি আমি শান্তি বিচাৰি আহিছোঁ। আমি এটা সম্প্ৰদায়ে আন এটা সম্প্ৰদায়ক মৰাটো নিবিচাৰো। আমি শান্তি বিচাৰো, নিৰ্দোষী মানুহক মৰাটো আমি নিবিচাৰো। এনেকৈ কেতিয়াও কোনো সমস্যাৰ সমাধান নহয়।” বিজিত নামৰ এজন লোকে কয় “শান্তি সমদলৰ নামত মণিপুৰত কি হৈছে ? হাতত অস্ত্ৰ লৈ শান্তি সমদল কেনেকৈ হ’ব পাৰে। কণ কণ শিশু আৰু মহিলা সকল নিৰ্যাতিত হৈছে মণিপুৰত। মণিপুৰত শান্তি লাগে।”

উল্লেখ্য যে মণিপুৰত মেইটেই সম্প্ৰদায়ক অনুসূচিত জনজাতিৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰাৰ বিৰোধিতা কৰিছে জনজাতীয় গোটসমূহে। মেইটেই সম্প্ৰদায়ক অনুসূচিত জনজাতিৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰাৰ বিৰুদ্ধে বুধবাৰে (৩ মে’) মণিপুৰৰ পাহাৰীয়া জিলা ছাত্ৰ সংগঠনে ‘জনজাতি সংহতি মাৰ্চ’ অনুষ্ঠিত কৰিছিল। ‘জনজাতি সংহতি মাৰ্চ’ৰ সময়তে মণিপুৰৰ বহু ঠাইত হিংসাত্মক ঘটনা সংঘটিত হৈছিল। বহু ঠাইত প্ৰতিবাদকাৰী সকলে পথৰ ওপৰত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছিল।

ইয়াৰ পিছৰে পৰা মণিপুৰৰ আইন শৃংখলাৰ অধিক অৱনতি ঘটে। মণিপুৰৰ বিভিন্ন অঞ্চলৰ লগতে ৰাজধানী ইম্ফল চহৰত প্ৰতিবাদকাৰী সকলে গাড়ীৰ ওপৰত শিলা বর্ষণ কৰাৰ লগতে বহু ঘৰত অগ্নি সংযোগ কৰে। ৰাজ্যখনৰ পৰিস্থিতি যাতে অধিক ভয়াবহ নহয় ইয়াৰ প্ৰতি লক্ষ্য ৰাখি মণিপুৰ চৰকাৰে পাঁচ দিনৰ বাবে মণিপুৰত ইণ্টাৰনেট সেৱা বন্ধ কৰিছে। ইম্ফলৰ লগতে কেইবাখনো জিলাত সন্ধ্যা আইন জাৰি কৰাৰ লগতে দুস্কৃতিকাৰীক দেখা মাত্ৰই গুলীওৱাৰ নিৰ্দেশ দিয়া হৈছে।