সোণাৰি, ৪ ডিচেম্বৰ: সোণাৰিত সংঘটিত হ’ল এক চাঞ্চল্যকৰ হত্যাকাণ্ড৷ কিমান নিষ্ঠুৰ হ’ব পাৰে নিজৰ স্বামী৷ শিৰত ৰঙা ফুট দি নিজৰ সহধৰ্মীনি হিচাপে থাকিবলৈ নাপালে এটা বছৰো। পাঁচ মহীয়া অন্তঃসত্বাও আছিল সংগীত প্ৰজা। পাষণ্ড স্বামী হৰি প্ৰজায়ে  গামোচাৰে ডিঙি চেপি হত্যা কৰি পুতি থ’লে চৰাইদেউ সোণাৰি অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ নিচেই কাষতে থকা অতি দুৰ্গম এলেকাত৷ এটা মাহৰ পিছত আৰক্ষীৰ মাৰাথান জেৰাত স্বীকাৰ কৰিলে নিজ পত্নীক হত্যা কৰি গাঁত খান্দি পুতি থোৱাৰ কথা। অৱশেষত আৰক্ষীৰ বিশাল বাহিনী উপস্থিতিত নিজেই গাঁতত পুতি থোৱা পত্নীৰ মৃতদেহ খান্দি উলিয়ালে হৰি প্ৰজাই। সোণাৰি আৰক্ষী থানাৰ অন্তৰ্গত টঙীয়া গাঁৱৰ নবীন প্ৰজাৰ পুত্ৰ হৰি প্ৰজাই প্ৰতিবেশী ধৰম প্ৰজাৰ কন্যা সংগীতা প্ৰজাৰ সৈতে মাত্ৰ সাত মাহৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল৷ নিতৌ পত্নী আৰু পত্নীৰ পিতৃ-মাতৃৰ সৈতে কাজিয়াত লিপ্ত হৈছিল হৰি প্ৰজা। হৰিয়ে পূৰ্বৰ পৰিকল্পনা অনুসৰি চফ্ৰাই বাগিছাত অনুষ্ঠিত হোৱা গাৰ্ডেন শ্ব’ চাবলৈ ঘৰৰ পৰা আহি এই দুৰ্গম এলেকাত গামোচাৰে ডিঙি চেপি হত্যা কৰি পুতি থৈছিল। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে।