গুৱাহাটী, সংবাদ ৩৬৫, ১৫ অক্টোবৰ : সোমবাৰে মহানগৰীৰ চেণ্টেল গুৱাহাটীত অনুষ্ঠিত হয় এখন আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীৰ। বস্ত্ৰ, সৌন্দৰ্য বর্ধনৰ সামগ্ৰীৰ পৰা বিভিন্ন ধৰণৰ সামগ্ৰী প্ৰদৰ্শিত হয় এই প্ৰদৰ্শনীত।

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশৰ কেইবাটাও ব্যৱসায়ীক প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰে প্ৰদৰ্শনীখনত। বিশেষকৈ দিল্লী,মুম্বাই, কলিকতা,জয়পুৰ আদিৰ লোকসকলে অংশগ্ৰহণ কৰে উক্ত প্ৰদৰ্শনীখনত।

বস্ত্ৰশিল্পখনক বিশ্বব্যাপী প্ৰসাৰ কৰাৰ লগতে ডিজাইনাৰসকলৰ সুবিধাৰ্থে বিগত ১০ বছৰৰ পৰা আয়োজন কৰি অহা হৈছে প্ৰদৰ্শনীখনৰ।

প্ৰতিবছৰে একোখনকৈ চহৰত আয়োজন কৰা হয় এই মেলাৰ। উক্ত চহৰখনত উপলব্ধ নোহোৱা সামগ্ৰীসমূহ প্ৰদৰ্শিত কৰা হয় এই মেলাত ।

অসমৰ থলুৱা সাজ-পাৰ আৰু গহনা বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰতো আয়োজন কৰা হয় এই মেলাৰ ।

উক্ত প্ৰদৰ্শনীৰ জৰিয়তে থলুৱা শিল্পসমূহৰ আদান-প্ৰদান আৰু প্ৰসাৰ হ’ব বুলি মন্তব্য কৰে উদ্যোক্তাই।