গুৱাহাটী, সংবাদ ৩৬৫, ১৫ অক্টোবৰ : মহানগৰীৰ বেলতলাত এক শিহৰণকাৰী ঘটনা। তীব্ৰবেগী বাইকে মহতিয়াই নিলে এজন পথচাৰীক। দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য বন্দী হৈ ৰ’ল চিচি টিভি কেমেৰাত।

পথচাৰীগৰাকীক মহতিয়াই নিয়ে এক উদণ্ড বাইকাৰ্ছে। দুৰ্ঘটনাত থিতাতে নিহত হয় মমৰেজ আলী নামৰ এগৰাকী বৃদ্ধ।

সোমবাৰে আবেলিৰ সময়ত বেলতলা মহজিদৰ ওচৰত সংঘটিত হৈছিল এই ঘটনা।

ইতিমধ্যে আৰক্ষীয়ে চিচি টিভি কেমেৰাৰ দৃশ্য সংগ্ৰহ কৰি উদণ্ড বাইকাৰ্ছক বিচাৰি ঘটনাটোৰ অনুসন্ধান আৰম্ভ কৰিছে।