ইটানগৰ, ৬ ডিচেম্বৰ: অৰুণাচল প্ৰদেশ লিটাৰেৰী চ’ছাইটি (এ পি এল এছ)ৰ ১১ সংখ্যক প্ৰতিষ্ঠা দিৱস ইটানগৰৰ ৰাজ্যিক সংগ্ৰহালয় প্ৰেক্ষাগৃহত এদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে৷ পুৱা দহ বজাৰ পৰা অনুষ্ঠিত হোৱা এই অনুষ্ঠানত অসমৰ বিশিষ্ট কবি তথা ২০১৭ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা বিজয়ী গহপুৰৰ কলাবাৰীৰ গৌৰব জ্ঞান পূজাৰীক এ পি এল এছে সংবৰ্দ্ধনা জনায়৷ এই অনুষ্ঠানতে চলিত বৰ্ষত সাহিত্য একাডেমী যুব বঁটা বিজয়ী অৰুণাচল প্ৰদেশৰ বিশিষ্ট কবি টাৰো চিন্দিক আৰু সাহিত্যিক ডযমুনা বিনীকো সংবৰ্দ্ধনা জনোৱা হয়৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীৰ মাজত কবিতা আবৃতিৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। অৰুণাচল প্ৰদেশৰ শিক্ষা মন্ত্ৰী হনচুন নংডমে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে এ পি এল এছৰ প্ৰতিষ্ঠা দিৱসত৷ প্ৰতিষ্ঠা দিৱস উদযাপন কাৰ্যসূচীত কেইবাখনো গ্ৰন্থও উন্মোচন কৰা হয়৷