ডিগবৈৰ পৰা বিজয় সূত্রধৰ, ৬ ডিচেম্বৰ: তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমা অন্তৰ্গত পেঙেৰীৰ বুঢ়িদিহিং অঞ্চলত অহা ১ ফেব্ৰুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰী লৈকে অনুষ্ঠিত হ’বলগীয়া অসম সাহিত্য সভাৰ ৭৪ সংখ্যক অধিৱেশনৰ আজি লাইখুঁটা স্থাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ এই উপলক্ষে আজি পৱনশংখ হেলিকপ্তাৰ যোগে পুৱা ১১ বজাত সোণোৱালে পেঙেৰীৰ বদৌচা সমন্বয় ক্ষেত্ৰত পদাৰ্পণ কৰে৷ এক মাংগলিক পৰ্বৰ জৰিয়তে অধিৱেশনৰ লাইখুঁটা স্থাপন কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে, অসম সাহিত্য সভা অসমীয়াৰ অতিকে প্ৰিয় আৰু আপোন অনুষ্ঠান৷ পেঙেৰীত অনুষ্ঠিত হ’বলগীয়া এই অধিৱেশনৰ মধুৰ স্মৃতি যাতে সকলোৱে কঢ়িয়াই নিব পাৰে তাৰ বাবে সমগ্ৰ বৰডুমচা, পেঙেৰী বাসী ৰাইজ বদ্ধপৰিকৰ হ’ব লাগে৷ আৰু এই ক্ষেত্ৰত চৰকাৰীভাৱে যি কৰণীয় সেয়া ৰাজ্য চৰকাৰে নিষ্ঠা আৰু আন্তৰিকতাৰে সম্পাদন কৰিব৷ ইফালে আজিৰ এই লাইখুঁটা স্থাপন অনুষ্ঠানে অঞ্চলটোত উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি কৰে৷ প্ৰায় ৭ সহস্ৰাধিক লোকৰ উপস্থিতিৰ লগতে আজিৰ অনুষ্ঠানত মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা, ডিগবৈৰ সুৰেন ফুকন, তিনিচুকীয়াৰ সঞ্জয় কিশান, দুলিয়াজান সমষ্টিৰ বিধায়ক তেৰচ গোৱালা আৰু ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলী উপস্থিত থাকে৷ স্থানীয় মায়ামৰা দ্বাৰকা সত্ৰৰ সত্ৰাধিকাৰ প্ৰেমেশ্বৰ মহন্তইও লাইখুঁ‌টা স্থাপনৰ কাৰ্যসূচীত বিশেষভাৱে অংশ গ্ৰহণৰ লগতে সাহিত্য সভাৰ বহুসংখ্যক বিষয়ববীয়া উপস্থিত থাকে৷