ধুবুৰী : স্বামী কাৰাগাৰত বন্দী, স্বামী অবিহনে কেনেকৈ থাকিব পত্নী? গতিকে স্বামীৰ পথ অনুসৰণ কৰি পত্নীও গ’ল কাৰাগৰলৈ। ড্ৰাগছৰ অবৈধ বেহাৰ লগত জড়িত হৈ স্বামীৰ কাষলৈ যোৱাৰ পথ প্ৰশস্ত কৰিলে পত্নীয়ে (Lady Caught With Drugs)।

ৰাজ্যজুৰি অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে। প্ৰতিদিনে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জালত পৰিছে ইজনৰ পিছত সিজন ড্ৰাগছৰ অবৈধ বেহাৰ লগত জড়িত থকা লোক। ধুবুৰী আৰক্ষীও ড্ৰাগছ বিৰোধী অভিযানত কেইবাটাও গুৰুত্বপূৰ্ণ সাফল্য লাভ কৰি ড্ৰাগছৰ অবৈধ বেহাৰ লগত জড়িত থকা বহু লোকক কাৰাগৰলৈ প্ৰেৰণ কৰিছে।

কিছুদিন পূৰ্বে ধুবুৰী আৰক্ষীয়ে এক ড্ৰাগছ বিৰোধী অভিযান চলাই ধুবুৰী চহৰৰ ঝগৰাৰপাৰ অঞ্চলৰ ডঙেৰপাৰ গাঁৱৰ বাদশা আলী নামৰ এজন লোকক ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰি কাৰাগৰলৈ প্ৰেৰণ কৰিছিল। বাদশা আলী কাৰাগৰত বন্দী হৈ থকাৰ ফলত অকলশৰীয়া হৈ পৰিছিল বাদশা আলীৰ পত্নী নুৰ ভানু বিবি। স্বামী কাৰাগাৰত যোৱাৰ পিছত স্বামীৰ অবৈধ ড্ৰাগছৰ বেহা চলাই গৈছিল নুৰ ভানু বিবিয়ে।

মঙলবাৰে এক গোপন খবৰৰ ভিত্তিত গাঁওৰক্ষী বাহিনী আৰু যুৱ সমাজ সংস্কাৰ সমিতি নামৰ বেচৰকাৰী সন্থা এটাৰ সদস্যই বাদশা আলীৰ ঘৰত ড্ৰাগছ বিৰোধী অভিযান চলাই বাদশা আলীৰ পত্নী নুৰ ভানু বিবিক বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক কৰে। ড্ৰাগছ বিক্ৰী কৰি থকাৰ অৱস্থাত হাতে লোটে বাদশা আলীৰ পত্নী নুৰ ভানু বিবিক আটক কৰে অভিযানকাৰী দলটোৱে।

পিছত ধুবুৰী বি এন কলেজ ৰোড আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ মহিলা গৰাকীক গ্ৰেপ্তাৰ কৰি বৃহৎ পৰিমানৰ নিচা জাতীয় টেবলেট আৰু কফচিৰাপ জব্দ কৰে। বৰ্তমান ধুবুৰী আৰক্ষীয়ে মহিলা গৰাকীক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে। স্বামী বাদশা আলীৰ পথ অনুসৰণ কৰি নুৰ ভানু বিবিও কাৰাগাৰলৈ যোৱাৰ পথ প্ৰশস্ত কৰাৰ ঘটনাই ব্যাপক চৰ্চা লাভ কৰিছে ধুবুৰী চহৰত।