যোৰহাট, ১৪ নৱেম্বৰ: যোৰহাট আৰু মাজুলী ভ্ৰমণলৈ তিনিদিনিয়া কাৰ্যসূচীৰে অহা অসমৰ নৱ নিযুক্ত ৰাজ্যপাল জগদীশ মূখীক আজি সম্বৰ্ধনা জনোৱা হয় অসম কৃষি বিশ্ববিদ্যালয়ত৷ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত ৰাজ্যপালজনৰ লগতে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য  ড০ কমল মল্ল বুজৰ বৰুৱা, যোৰহাটৰ জিলা উপায়ুক্ত বীৰেন্দ্ৰ মিট্টাল, অসম কৃষি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অৰবিন্দ শইকীয়াৰ লগতে ডেপুটি চেক্ৰেটেৰী এচ এন ভৌমিক উপস্থিত থাকে৷ সম্বৰ্ধনা অনুষ্ঠানটোৰ আদৰণি ভাষণ প্ৰদান কৰে বিশ্ব বিদ্যালয়খনৰ উপাচাৰ্য্য কমল মল্ল বুজৰ বৰুৱাই৷ ৰাজ্যপালজনে তেওঁৰ ভাষণ প্ৰসংগত কয় যে অসমত কৃষি বিশ্ব বিদ্যালয়ৰ দৰে এখন বিশ্ববিদ্যালয় থকাৰ পাছটো অসমৰ কৃষক আন ৰাজ্যৰ তুলনাত বহু পিছপৰি আছে৷ তেওঁ কেন্দ্ৰীয় চৰকাৰৰ ২০২২ চনলৈকে কৃষকৰ আয় দুগুন হোৱাৰ সপোন সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰাৰ কথা উল্লেখ কৰে৷ ভাৰতৰ ১০ খন বিশ্ববিদ্যালয়লৈ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ দ্বাৰা অনুমুদিত ১০০০ কোটি টকাৰ আঁচনিৰ আওঁতালৈ অসম কৃষি বিশ্ববিদ্যালয়ক আনিবলৈ অহোপুৰুষাৰ্থ চেষ্টা কৰাৰ কথাও উল্লেখ কৰে৷