কামপুৰ, ১৩ নৱেম্বৰ: নাৰিকল গছত উঠাটোৱে কাল হ’ল এজন লোকৰ৷ কামপুৰত এজন লোক নাৰিকল গছৰ পৰা পৰি কৰুণ মৃত্যুক সাৱটি লোৱাৰ কেন্দ্ৰ কৰি অঞ্চলজুৰি চাঞ্চল্যকৰ সৃষ্টি হৈছে৷ নিহত লোকজনক বৰ্তমান চিনাক্ত কৰিব পৰা নাই। প্ৰাপ্ত তথ্য মতে, কামপুৰৰ মাজগাঁৱৰ পিংকু লস্কৰ নামৰ এজন লোকৰ ঘৰত শ্রমিক হিচাপে নাৰিকল গছ কাটিব আহিছিল লোকজন। পিংকু লস্কৰে ততাতৈয়াকৈ কামপুৰ এফ আৰ ইউত ভৰ্তি কৰাই যদিও ডাক্তৰে মৃত বুলি ঘোষণা কৰে৷ বৰ্তমানেও কামপুৰ এফ আৰ ইউৰ বিচনাত পৰি আছে মৃতদেহটো।