নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৫ নৱেম্বৰ : দেওবাৰে নিশা ডিগবৈৰ পাৱৈত এখন টাটা মেজিকৰ সৈতে মাৰ্ঘেৰিটা দিশৰ পৰা অহা কয়লাভৰ্তি ট্ৰাকৰ সৈতে এক ভয়াবহ মুখামুখী সংঘৰ্ষ হয় ।

দুৰ্ঘটনাটোত মেজিকখনৰ আগভাগ সম্পূৰ্ণৰূপে ভাগি চাৰখাৰ হৈ যায় । মেজিকখনত থকা মুঠ ১২ গৰাকী যাত্ৰীৰ চালকজনসহ ৪ নিহত নিহত হয়। আহতসকলক ততাতৈয়াকৈ
মাৰ্ঘেৰিটা চিভিল হাস্পতালত ভৰ্তি কৰোৱা হয়।

উল্লেখ কৰিব পাৰি যে মাৰ্ঘেৰিটাৰ পৰা আহি আছিল কয়লাভৰ্তি ট্ৰাকখন । দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতেই ঘটনাস্থলীৰ পৰা ট্ৰাকখন এৰি ট্ৰাকৰ চালকজনে পলায়ন কৰে।

ইফালে দুৰ্ঘটনা সংঘটিত হোৱাৰ ফলত কয়লাভৰ্তি ট্ৰাকসমূহ আবদ্ধ হৈ পৰে ৰাজপথত। যাৰ ফলত ৰাজপথটোত তীব্ৰ যান-জঁটৰ সৃষ্টি হয়।

জানিব পৰা অনুসৰি মেজিকখনৰ যাত্ৰীসকল জাগুনঘাটৰ পৰা বিয়া খাই ওভতি আহি আছিল।