নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৫ নৱেম্বৰ : সোমবাৰে যুৱ কংগ্ৰেছে দিল্লীত মহাৰাষ্ট্ৰত বিজেপি নেতৃত্বাধীন চৰকাৰ গঠনৰ বিৰুদ্ধে শাসনাধীষ্ট চৰকাৰৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

শ শ প্ৰতিবাদকাৰীয়ে পুত্তলিকা দাহ কৰাৰ উপৰিও বিজেপি বিৰোধী বিভিন্ন শ্লো গানেৰে বিজেপি নেতৃত্বাধীন চৰকাৰ গঠনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

ইয়াৰোপৰি সংসদ ভৱনৰ সন্মুখতো কংগ্ৰেছৰ অধ্যক্ষা ছোনীয়া গান্ধীৰ লগতে সহস্ৰাধিক কৰ্ম কৰ্তাই বিজেপি চৰকাৰ হায় হায়’, ‘মহাৰাষ্ট্ৰৰ গণতন্ত্ৰ হত্যা বন্ধ কৰক’ আদি প্ৰতিবাদী শ্লো গানেৰে
প্ৰতিবাদ সাব্যস্ত কৰে।

লোকসভা আৰু ৰাজ্যসভাৰ সাংসদেও এই প্ৰতিবাদত অংশগ্ৰহণ কৰে ।

উল্লেখ কৰিব পাৰি যে সোমবাৰে মহাৰাষ্ট্ৰত গঠন কৰা চৰকাৰৰ সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে সিদ্ধান্ত দিব।