কলগাছিয়াৰ বালিকুৰিত বি জে পি দলৰ নিৰ্বাচনী সভা

In ৰাজ্য

কলগাছিয়া, সংবাদ ৩৬৫, ৯ অক্টোবৰ : জনীয়া সমষ্টিৰ উপ-নিৰ্বাচন ওচৰ চাপি অহাৰ লগে লগে জনীয়া সমষ্টিত বিজেপিৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। বিজেপি দলে সমষ্টিটোৰ বিভিন্ন ঠাইত ভোটাৰক আকৰ্ষিত কৰাৰ বাবে জোৰদাৰ প্ৰচাৰ চলাই থকা পৰিলক্ষিত হৈছে।

বুধবাৰে বালিকুৰি বজাৰ প্ৰাংগণত নিৰ্বাচনী প্ৰচাৰ সভাত কেইবাজনো ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ নেতা উপস্থিত থাকে। সভাত বিজেপিৰ ৰাজ্যিক উপ সভাপতি তথা জনীয়া সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰাৰ্থী তৌফিকুৰ ৰাহমানে কংগ্ৰেছ আৰু ইউ ডি এফৰ বিৰুদ্ধে খুৰাধাৰ সমালোচনা কৰি বিজেপিক ভোট দি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ হাত শক্তিশালী কৰিবলৈ আহ্বান জনায়।

জনীয়া উপ নিৰ্বাচনত দিছপুৰত চৰকাৰ থকা দলক ভোট দিলেহে জনীয়া সমষ্টিৰ উন্নয়ন হব। বিজেপিৰ নেতা শ্বহিদুল ইছলামে ভাষণত কয় যে জনীয়া সমষ্টিৰ উপ নিৰ্বাচনত বিজেপিৰ উত্থান দেখি কংগ্ৰেছ আৰু ইউ ডি এফ শংকিত হৈছে।

Comments

comments

You may also read!

পঞ্চম বাৰ্ষিক উত্তৰ -পূৰ্বাঞ্চল আন্তৰ্জাতিক ‘ফেশ্বন সপ্তাহ’

গুৱাহাটী, সংবাদ ৩৬৫, ২৭ জানুৱৰী : মঙলবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ পাঞ্জাৱাৰীস্থিত শিল্পগ্ৰামত সন্ধিয়া ৫ বজাত আৰম্ভ হ'ব পঞ্চম

Read More...

মানৱ অধিকাৰ কৰ্মী ড° দিব্যজ্যোতি শইকীয়ালৈ ইণ্ডিয়া ষ্টাৰ ৰিপাব্লিক এৱাৰ্ড

গুৱাহাটী, সংবাদ ৩৬৫, ২৭ জানুৱাৰীঃ অন্ধবিশ্বাস, ডাইনী কাণ্ড, সাম্প্ৰদায়িকতা, সন্ত্ৰাসবাদৰ লগতে সমাজবিৰোধী কামৰ বিৰুদ্ধে দুটা দশক সংগ্ৰাম অব্যাহত ৰখা

Read More...

দুদিনীয়া কাৰ্য্যসূচীৰে এইবাৰ হেঙেৰাবাৰীত অনুষ্ঠিত হ’ব মে-ডাম-মে-ফি

গুৱাহাটী, সংবাদ ৩৬৫, ২৭ জানুৱাৰী : বৃহত্তৰ হেঙেৰাবাৰী মেডাম-মে-ফিয়ে ২৪ বছৰ অতিক্ৰম কৰি ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিছে চলিত

Read More...

Mobile Sliding Menu