নিউজ ডেস্ক, সংবাদ ৩৬৫, ১০ অক্টোবৰ : ৰিলায়েন্স জিঅ’ৰ নতুন প্লেন অনুসৰি জিঅ’ৰ গ্ৰাহকসকলে অন্য নেটৱৰ্কলৈ ফোন কৰিলে প্ৰতি মিনিটত ৬পইচাকৈ ভৰিব লাগিব।

ইণ্টাৰকানেক্ট ইউজেছ চাৰ্জৰ নামত জিঅ’ই গ্ৰাহকৰ পৰা সংগ্ৰহ কৰিব প্ৰতি মিনিটত ৬ পইচাকৈ। কিন্তু জিঅ’ৰ পৰা জিঅ’লৈ কল কৰিলে ভৰিব নালাগে কোনো চাৰ্জ।ইয়াৰোপৰি অন্য নেটৱৰ্কলৈ আই চি ইউ টপ আপ  নিজৰ ছিমত ভৰাব লাগিব অন্য নেটৱৰ্কলৈ কল কৰিবলৈ।

জিঅ’ৰ নতুন প্লেনত ১০টকাৰ ৰিচাৰ্জত ১২৪মিনিটৰ অন্য নেটৱৰ্কলৈ কল আৰু ১জিবি অতিৰিক্ত ডাটা পাব।

২০টকাৰ ৰিচাৰ্জত ২৪৯ মিনিট অন্য নেটৱৰ্কলৈ কল আৰু ২জিবি অতিৰিক্ত ডাটা পাব।

৫০টকীয়া ভাউচাৰত ৬৫৬ মিনিটৰ অন্য নেটৱৰ্কলৈ কল আৰু ৫জিবি অতিৰিক্ত ডাটা পাব।

আনহাতে ১০০টকীয়া ভাউচাৰত ১,৩৬২ মিনিট অন্য নেটৱৰ্কলৈ কল আৰু ১০জিবি অতিৰিক্ত ডাটা পাব।

এই টপ আপ ৰিচাৰ্জবোৰ গ্ৰাহকে গতানুগতিক ৰিচাৰ্জ বা বিলিং প্লেনত অন্তৰ্ভুক্ত কৰিব লাগিব।

ইণ্টাৰকানেক্ট ইউজেছ চাৰ্জৰ নামত জিঅ’ই গ্ৰাহকৰ পৰা সংগ্ৰহ কৰিব প্ৰতি মিনিটত ৬ পইচাকৈ। কিন্তু জিঅ’ৰ পৰা জিঅ’লৈ কল কৰিলে ভৰিব নালাগে কোনো চাৰ্জ।

উল্লেখযোগ্য যে যোৱা তিনি বছৰত জিঅ’ই ১৩,৫০০কোটি টকা ইন ই টি আই চি ইউ হিচাপে আন অপাৰেটৰক দি আহিছিল।