ৰহা : টোল কৰ (Jatia Yuva Sakti) বৃদ্ধিৰ প্ৰতিবাদত বুধবাৰে অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিয়ে নগাঁও জিলাৰ ৰহা খাইগড়ত অৱস্থিত টোলগে’টত উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে৷ সংগঠনটোৰ নগাঁও জিলা সমিতিৰ উদ্যোগত আয়োজিত এই বিক্ষোভ কাৰ্যসূচীত সমবেত হোৱা প্ৰতিবাদকাৰীসকলে ‘বৰ্ধিত টোল কৰ প্ৰত্যাহাৰ কৰক’, ‘টোল কৰৰ নামত গুণ্ডা কৰ সংগ্ৰহ নচলিব’, ‘বিজেপি চৰকাৰ হায় হায়, দুখীয়াৰ তেজ খায়’ আদি শ্ল’গান দি পৰিৱেশ মুখৰিত কৰি তোলে৷

উল্লেখযোগ্য যে অসমৰ টোল গোটসমূহত যোৱা ১ এপ্ৰিলৰ পৰা গড়ে ১৫ শতাংশ টোল কৰ বৃদ্ধি কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ চমুকৈ এন এইচ এ আইয়ে৷ উক্ত কৰ বৃদ্ধিৰ প্ৰতিবাদত জাতীয় যুৱ শক্তিয়ে প্ৰতিবাদী কাৰ্যসূচী পালন কৰে৷ প্ৰতিবাদৰ অন্তত নগাঁও জিলাৰ উপায়ুক্তৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ লিখা এখন স্মাৰকপত্ৰ প্ৰশাসনৰ প্ৰতিনিধিৰ হাতত অৰ্পন কৰে প্ৰতিবাদকাৰীসকলে৷ উক্ত স্মাৰকপত্ৰত বৰ্ধিত টোল কৰ প্ৰত্যাহাৰ কৰিবলৈ দাবী জনোৱা হয়৷

এই সন্দৰ্ভত জাতীয় যুৱ শক্তিৰ কেন্দ্ৰীয় তত্বাৱধায়ক তথা অসম জাতীয় পৰিষদৰ ৰাজু ফুকনে এনেদৰে টোল কৰ বৃদ্ধি কৰাটো অন্যায় বুলি উল্লেখ কৰি কয় যে যোৱা বছৰ ১ এপ্ৰিল তাৰিখে এন এইচ এ আইয়ে ১৫ শতাংশ টোল কৰ বৃদ্ধি কৰিছিল৷ এতিয়া এবছৰ নৌহওঁতে আকৌ সম পৰিমাণৰ কৰ বৃদ্ধি কৰিছে৷ প্ৰতি বছৰে ১৫ শতাংশ টোল কৰ বৃদ্ধিয়ে ৰাজ্যখনৰ অত্যাৱশ্যকীয় আৰু অপ্ৰয়োজনীয় উভয় সামগ্ৰীৰ মূল্যত যথেষ্ট প্ৰভাৱ পেলাইছে৷ জনসাধাৰণৰ ওপৰত পৰা এই কৰৰ বোজা অসহনীয় হৈ পৰিছে৷

ৰাজু ফুকনে কয় যে নিয়ম অনুসৰি পূৰ্বৰ বছৰৰ তুলনাত পথত চলা বাহনৰ সংখ্যা বৃদ্ধি পালে টোল মাচুল বৃদ্ধি কাৰ্যকৰী কৰিব নালাগে৷ প্ৰতি বছৰে ৰাজপথত গাড়ীৰ সংখ্যা বৃদ্ধি হৈয়ে আছে৷ সেই হিচাপত এইবছৰ টোল কৰ বৃদ্ধি হ’ব নালাগিছিল৷ “প্ৰতি ৬০ কিলোমিটাৰৰ মূৰে মূৰে টোল প্লাজা বহুৱাৰ বাবে ৰাজ্যৰ জনসাধাৰণে অতিৰিক্ত টোল টেক্স দিবলগীয়া হৈছে। অসমৰ ভৌগোলিক অৱস্থানৰ বাবে দেশৰ অন্যান্য ৰাজ্যৰ তুলনাত সামগ্ৰী আৰু সামগ্ৰীৰ পৰিবহণ ব্যয় বেছি। ফলত টোল কৰ অধিক বৃদ্ধিয়ে পৰিবহণৰ খৰচত প্ৰভাৱ পেলাইছে, যাৰ ফলত অৰ্থনীতি আৰু মুদ্ৰাস্ফীতিৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিছে, বস্তুৰ দাম বাঢ়িছে” বুলিও ফুকনে কয়৷