তেজপুৰ, সংবাদ ৩৬৫, ৯ ডিচেম্বৰ : জাতিধ্বংসী নাগৰিকত্বৰ বিৰোধীতাৰে ৰাজপথলৈ নামি আহিছে শিল্পী সমাজ। কিন্তু অবিশ্বাস্যভাৱে মাত মতা নাই অভিনেতা যতীন বৰাই। চিনেমাৰ প্ৰমোছনৰ বাবে যেনেকৈ যতীন বৰাই কলেজে কলেজে ঘূৰি ফুৰিছিল ইয়াৰ বিপৰীতে কিন্তু কেবৰ ক্ষেত্ৰত সম্পূৰ্ণ নীৰৱ ভূমিকা পালন কৰা পৰিলক্ষিত হৈছে। যাক লৈ এতিয়া সামাজিক মাধ্যমসমূহত হৈছে সৰৱ চৰ্চা।

উল্লেখ কৰিব পাৰি যে যতীন বৰাই অসম চলচিত্ৰ বিত্ত নিগমৰ অধ্যক্ষৰ দায়িত্ব লাভ কৰিছিল বিজেপিত যোগদান কৰাৰ পিছতে । এই লৈ কিছু সংখ্যকে মন্তব্য কৰিছে যে যতীন বৰাই উক্ত আসনৰ চকী হেৰুৱাৰ ভয়তে কোনোধৰণৰ মন্তব্য কৰা নাই।

যতীন বৰাক তীব্ৰ সমালোচনা কৰি থকাৰ সময়তে দেওবাৰে তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ ৰোষত পৰে যতীন বৰা । ৰাজপথত প্ৰতিবাদ দেখি গাড়ীৰ পৰা ওলাই আহিবলৈ সাহস নকৰিলে যতীন বৰাই।

যতীন বৰা হায় হায়, যতীন বৰা লেই লেই চেই চেই ধ্বনিৰে বাটতে পথ অৱৰোধ কৰি প্ৰতিবাদ কৰে শিল্পীগৰাকীয়ে। পিছত আৰক্ষীৰ সহযোগত কোনো মতে সেই ঠাইৰ পৰা আঁতৰি আহিবলৈ সক্ষম হয় ।

ইয়াৰ পিছতে ফেচবুকৰ জৰিয়তে মুখ খোলে অভিনেতাগৰাকীয়ে । তেখেতে ফেচবুকত এটা পোষ্ট কৰি উল্লেখ কৰে এইবুলি যে ” অসমীয়া ভাষা, অসমীয়া সংস্কৃতি তথা অসমীয়া জাতিৰ উৰ্ধত মোৰ কাৰণে আৰু একো হব নোৱাৰে। আজি মই যি হয় কেবল অসমবাসীৰ ৰাইজৰ কাৰণেই হয়। অসমীয়া জাতি, অসমৰ মাটি, অসমীয়া ভাষা আৰু সংস্কৃতিৰ সুৰক্ষাৰ কাৰণে অসমৰ ৰাইজে যি সিদ্ধান্ত অাকোৱালি লয় , সেই সিদ্ধান্তক মই সম্পূৰ্ণ শ্ৰদ্ধা কৰোঁ ।

জয় আই অসম ” ।