গুৱাহাটী, সংবাদ ৩৬৫, ৯ ডিচেম্বৰ : সমগ্ৰ ৰাজ্য উত্তাল হৈ আছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীতাৰে । ছাত্ৰ সমাজ, শিক্ষক সমাজ , দল- সংগঠনৰ লগতে প্ৰতিবাদত নামি পৰিল সাংবাদিকসকলো । সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত সংশোধনী বিধেয়কৰ বিৰুদ্ধে অৱস্থান ধর্মঘট কাৰ্যসূচী ৰূপায়ন কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

এই অৱস্থান ধর্মঘট কৰ্য্যসূচীত অংশগ্ৰহণ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ লগতে বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞা, অদীপ কুমাৰ ফুকম, হাইদৰ হুছেইন, বিপুল শৰ্মাকে ধৰি বহু জ্যেষ্ঠ সাংবাদিক। অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীৰ লগতে আছুৰ সভাপতি দীপাংক কুমাৰ নাথও সাংবাদিকৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংবাদিকৰ লগতে সাধাৰণ জনতাৰো বিতৰ্কৰ সন্মুখীন হয় পৰমানন্দ ৰাজবংশী । তেখেতেক এই বিধেয়কখনৰ সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ দিয়ে উপস্থিত সদস্যসকলে । ইয়াৰোপৰি দিল্লীত কি আলোচনা হৈছিল সেয়াও স্পষ্টকৈ কবলৈ আহ্বান জনায়।

পৰমানন্দ ৰাজবংশীক সাংবাদিকে কয় যে জাতিৰ স্বাৰ্থত অসম সাহিত্য সভাক আঙুলি টোৱাবলৈ সুযোগ নিদিব কাৰণ জাতি থাকিলেহে ভাষা থাকিব।

ইফালে সাংবাদিকসকলে স্পষ্ট কৰি দিয়ে যে ৭১’ৰ পাছত অহা কোনো হিন্দু, মুছলমানক মানি নলও।

অৱস্থান ধর্মঘট কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কয় যে ” হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱাল দুয়োজন প্ৰৱঞ্চক । এসময়ত হিমন্ত বিশ্ব আলফা আছিল, আছু আছিল । কংগ্ৰেছ আহিল আৰু এতিয়া বিজেপি লৈ গল। সৰ্বানন্দ সোণোৱালো আন্দোলন কৰি আছুত আছিল , এজিপিত আছিল আৰু এতিয়া বিজেপিত গল। এওঁলোক দুয়ো প্ৰৱঞ্চক । এই সকলো ক্ষমতা লোভী। মোদী ,অমিত শ্বাহক তৈলমৰ্দন কৰিবৰ বাবে দুয়োজন নেতাই প্ৰতিযোগিতাত নামিছে। দুয়োজন নেতাই বিভেদৰ সৃষ্টি কৰিছে। পুলিচ-মিলিটেৰী, টকা-পইচা পাই ভাবিছে আন্দোলনক দমন কৰি মষিমূৰ কৰিম । এইয়া ভুল। অসমত হোৱা প্ৰত্যেকতো আন্দোলনত অসম জয়ী হৈছে। আমাৰ মানুহে আন্দোলন কৰিব জানে। আমি লাচিত বৰফুকন, চিলাৰায়ৰ বংশধৰ। “