মাৰ্ঘেৰিটা, ২১ নৱেম্বৰ: তিনিচুকীয়া জিলাৰ জাগুন আহোম পথাৰত উদ্ধাৰ কৰা হয় এডাল প্ৰকাণ্ড অজগৰ। জাগুন আহোম পথাৰৰ স্থানীয় ৰাইজে উদ্ধাৰ কৰিলে সাপডাল। ৬ মিটাৰ দীঘল অজগৰ ডালক অৱশেষত জাগুন আঞ্চলিক বন বিষয়া কাৰ্যালয়ে চমজি লৈ পৰীক্ষা-নিৰীক্ষা কৰা অন্তত টংকুপানী বনাঞ্চলত এৰি দিয়ে। অজগৰ ডালৰ ওজন আছিল প্ৰায় ৫০ কেজি।