মানকাচৰ : মানকাচৰত বাল্য বিবাহ। এগৰাকী নাবালিকা কন্যাক বিয়া দিলে পিতৃয়ে। নাবালিকা কন্যাকৰ বিয়া দিয়াৰ অপৰাধত গ্ৰেপ্তাৰ পিতৃ। বৃহস্পতিবাৰে নিশা আৰক্ষীয়ে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলায়।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ কঠালবাৰী গাঁৱত বৃহস্পতিবাৰে নিশা আৰক্ষীয়ে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলাই নাবালিকা কন্যাক বিয়া দিয়া পিতৃ এজনক গ্ৰেপ্তাৰ কৰে। নাবালিকা কন্যাক বিয়া দি গ্ৰেপ্তাৰ হোৱা পিতৃ গৰাকীক আৰক্ষীয়ে শুকুৰবাৰে জেললৈ প্ৰেৰণ কৰে।

উল্লেখযোগ্য যে মানকাচৰৰ কঠালবাৰী গাঁৱৰ গুলজাৰ হুছেইনৰ পুত্ৰ আনোৱাৰ হুছেইনে যোৱা ১৫ জুলাই তাৰিখে নিজৰ নাবালিকা কন্যাক বিয়া দিছিল। আৰক্ষীয়ে নিশা অভিযান চলাই আনোৱাৰ হুছেইনক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে। জিলাখনত বাল্য বিবাহৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধি পোৱাত জিলা প্ৰশাসন আৰু আৰক্ষী বাল্য।বিবাহৰ বিৰুদ্ধে কঠোৰ হৈছে।

নাবালিকা কন্যাক বিয়া দিয়াৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা আনোৱাৰ হুছেইনক মানকাচৰ আৰক্ষীয়ে ফেকামাৰী জিলা সত্ৰ ন্যায়াধীশ আদালতত হাজিৰ কৰে। আদালতে অভিযুক্ত পিতৃক ধুবুৰী জেললৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়ে বুলি জানিব পৰা গৈছে।