বৰপেটা, সংবাদ ৩৬৫, ৩ ছেপ্টেম্বৰ : বৰপেটা জিলাৰ সৰভোগ গ্ৰাম্য পথ উপ-সংমণ্ডলৰ তথা কলগাছিয়া শাখাৰ অন্তৰ্গত এটা পথ নিৰ্মাণৰ তিনিমাহ পিছতেই জহি-খহি গৈ যাতায়াতৰ ক্ষেত্ৰত অচল হৈ পৰিছে। উক্ত পথটো হৈছে কলগাছিয়া ষ্টেট বেংক শাখাৰ পৰা মাজৰ চৰলৈ যোৱা গড়কাপ্তানী পথ।

২০১৮-১৯ বিত্তীয় বৰ্ষৰ এছ.অ. পি.ডি(জি) আঁচনিৰ অধীনত প্ৰায় এক কিলোমিটাৰ পথ আবন্টন দিছিল। প্ৰদীপ দাস নামৰ ঠিকাদাৰে পেভাৰ ব্লকেৰে নিৰ্মান কৰিবলগীয়া পথখনৰ ঠিকা লাভ কৰি বিধায়ক আব্দুল খালেক আৰু তেতিয়াৰ উপযুক্ত থানেশ্বৰ মালাকাৰে কামটো উদ্বোধন কৰিছিল। কিন্তু নিম্নমানৰ সামগ্ৰীৰে নিম্নমানৰ কাম কৰাৰ বাবে বান পানীৰ সময়ত পথৰ ওপৰেদি পানী পাৰ নোহোৱাকৈ তিনিমাহ পিছতেই পথটো বহি যোৱাৰ লগতে পেভাৰ ব্লক সুৰক্ষা ভীম ভাঙি পৰে। যাৰ ফলত পথটো যাতায়তৰ ক্ষেত্ৰত অচল হৈ পৰাত যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ ব্যাপক অসুবিধাৰ সৃষ্টি হৈছে।

এই পথ নিৰ্মাণৰ ক্ষেত্ৰত ঠিকাদাৰ প্ৰদীপ দাসে ব্যাপক দুৰ্নীতি কৰাৰ অভিযোগ কৰিছে ৰাইজৰ লগতে আমছুৱে। এই ক্ষেত্ৰত পথ নিৰ্মাণত জড়িত থকা বিভাগীয় অভিযন্তা আৰু ঠিকাদাৰৰ বিৰুদ্ধে তদন্ত কৰি বিহীত ব্যৱস্থা গ্ৰহণৰ উপৰি পথখন পুনৰ নিৰ্মাণৰ বাবে বৰপেটা জিলাৰ উপায়ুক্ত আৰু গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্বৰ ওচৰত দাবী জনাইছে।