নিউজ ডেস্ক, সংবাদ ৩৬৫, ৩০ ছেপ্টেম্বৰ : বলীউদৰ জনপ্ৰিয় অভিনেতা বিজু খোটেৰ দেহাৱসান। দীৰ্ঘদিন ধৰি শাৰিৰীক অসুস্থতাত ভুগি আছিল অভিনেতাগৰাকী। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৮ বছৰ।

উল্লেখযোগ্য যে শ্বোলে’ৰ কালিয়া চৰিত্ৰৰ অভিনয়ৰ বাবে জনপ্ৰিয় হৈ পৰিছিল অভিনেতা বিজু খোটে । বিজু খোটে হিন্দী আৰু মাৰাঠীৰ ৩০০তকৈ অধিক ছবিত কাম কৰিছিল।

১৯৬৪ চনত চলচ্চিত্ৰ জগতত পদাৰ্পণ কৰিছিল অভিনেতা গৰাকীয়ে। তেখেতৰ অন্তিমখন চলচ্চিত্ৰ আছিল ২০১৮’ত মুক্তি পোৱা ‘জানে কিউ দে য়াৰো থী’।

মুম্বাইৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰা বিজু খোটেৰ শেষকৃত মুম্বাইতে সম্পন্ন কৰা হ’ব ।