নিউজ ডেস্ক, সংবাদ ৩৬৫, ৩০ ছেপ্টেম্বৰ : এই প্ৰদূষণৰ এটা কাৰণ প্লাষ্টিক আৱৰ্জনা। বিশ্বত সৃষ্টি হোৱা সকলো প্ৰকাৰৰ আৱৰ্জনাৰ দহ শতাংশ প্লাষ্টিক আৱৰ্জনা। যাৰ ফলত প্ৰতি বছৰে প্ৰায় এশ মিলিয়ন সাগৰীয় জীৱৰ মৃত‍্যু হয়। এই প্লাষ্টিক জাতীয় পেলনীয়া সামগ্রীবোৰৰ বাবে মাটিৰ গুণাগুণ হ্ৰাস পোৱা, ভূ-জলপৃষ্ঠ নিম্নগামী হোৱা, কৃত্ৰিম বানপানী এতিয়া নতুন কথা হৈ থকা নাই।

প্লাষ্টিকৰ পৰা হোৱা এনেসমূহ প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে স্বচ্ছতা অভিযানৰ লগতে ২ অক্টোবৰৰ পৰা চিংগল ইউজ প্লাষ্টিক ব্যৱহাৰ কৰিবলৈ দেশবাসীক আহ্বান জনাইছিল।

প্ৰধানমন্ত্ৰীৰ প্লাষ্টিকৰ বিৰুদ্ধে এই পদক্ষেপত সহযোগিতা আগবঢ়াই এমএছএমই মন্ত্ৰণালয়ৰ অধীনৰ খাদী গ্ৰামোদ্যোগ বিভাগে বজাৰত মুকলি কৰিবলৈ সাজু হৈছে বাঁহৰ দ্বাৰা নিৰ্মিত বটল।

এমএছএমই মন্ত্ৰণালয়ে এই বাঁহৰ বটল অক্টোবৰ মাহত বজাৰত মুকলি কৰিব। ৭৫০ মিলিলিটাৰকৈ পানী কঢ়িয়াব পৰা এই বটলৰ দাম আৰম্ভ হব ৩০০ টকাৰ পৰা।

১ অক্টোবৰত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে এই বাঁহৰ বটল আনুষ্ঠানিকভাৱে মুকলি কৰিব আৰু তাৰ পাছতে অৰ্থাৎ ২ অক্টোবৰৰ পৰা বজাৰত এই বটলৰ বিক্ৰী আৰম্ভ হ’ব।

২ অক্টোবৰৰ দিনা দেশজুৰি উদযাপন কৰা হব জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০ সংখ্যক জন্মজয়ন্তী । গান্ধীজীৰ স্বচ্ছ আৰু নিকা ভাৰতৰ সপোনৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই অভিযানৰ শুভাৰম্ভণি ঘটোৱা হ’ব ২ অক্টোবৰত ।