ৰঙিয়া : ২ জুলাইত ৰঙিয়াত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ চুৰিকাণ্ড। ভাৰতীয় ষ্টেট বেংকৰ এটিএম ভাঙি চাৰি চোৰে লুটি নিছিল ৩০ লাখ টকা। অৱশেষত ৰঙিয়া আৰক্ষীৰ জালত পৰিল চোৰ চাৰিজন। হাৰিয়ানাৰ পৰা চোৰ চাৰিজনক গ্ৰেপ্তাৰ কৰিলে ৰঙিয়া আৰক্ষীয়ে।

কামৰূপ জিলাৰ ৰঙিয়া আৰক্ষীয়ে এটা এটিএম লুটি নিয়া ঘটনাৰ তদন্ত চলাই অংশেষত সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। ৰঙিয়া আৰক্ষীয়ে এটিএম লুটি নিয়াৰ লগত জড়িত থকা চাৰিজনকৈ চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। হাৰিয়ানাৰ পৰা গ্ৰেপ্তাৰ কৰিছে চোৰ চাৰিজনক।

২ জুলাইত ৰঙিয়াৰ ভাৰত-ভূটান সংযোগী পথৰ তিনিআলিস্থিত ভাৰতীয় ষ্টেট বেংকৰ এটিএম এটা ভাঙি চোৰৰ দল এটাই লুটি নিছিল ৩০ লাখ টকা। নিশা প্ৰায় ২.৫১ মিনিটত চোৰৰ দলটোৱে এঘণ্টা ধৰি এটিএমটোৰ ভিতৰত তাণ্ডৱ চলাই লুটি নিছিল ৩০ লাখ টকা। চোৰৰ দলটো হাৰিয়ানা আছিল বুলি আৰক্ষীৰ তদন্ত পোহৰলৈ আহে।

ৰঙিয়া আৰক্ষীয়ে অৱশেষত হাৰিয়ানাত উপস্থিত হৈ চোৰৰ দলটোক গ্ৰেপ্তাৰ কৰে। ৰঙিয়া আৰক্ষীয়ে হাৰিয়ানাৰ পোনহানা জিলাৰ পৰা নিছাৰ, নাছিম, মহম্মদ আৰু গোপাল নামৰ হাৰিয়ানা কুখ্যাত এটিএম চোৰ চাৰিজনক গ্ৰেপ্তাৰ কৰে। ৰঙিয়া আৰক্ষীয়ে চোৰৰ দলটোৰ পৰা লুটি নিয়া ২৯ লাখ ৬৮ হাজাৰ টকাও উদ্ধাৰ কৰে। দলটো ভাৰতৰ বিভিন্ন ৰাজ্যত এটিএমৰ ধন চুৰিৰ লগত জড়িত।