মৰিয়নি, ১৩ নৱেম্বৰ: মৰিয়নিত আজি নগা ফ্ৰেমৱৰ্ক চুক্তিৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ নেতৃত্বত এক বিশাল পদযাত্ৰা হয়। ৰিপুন বৰা, গৌৰৱ গগৈ, ৰূপজ্যোতি কুর্মী সহিতে  কেইবাজনো কংগ্ৰেছী  নেতা পালিনেতাই অসম নাগালেণ্ড সীমান্তৰ অঞ্চলসমূহ পৰিভ্ৰমণ কৰে৷ জানিব পৰা মতে, পৰিভ্ৰমনৰ কালছোৱাত সীমান্তৰ বাসিন্দাসকলৰ লগত মত-বিনিময় কৰি তেওঁলোকৰ অভাৱ-অভিযোগ সমূহৰ আভাস লয়৷ অন্যহাতে দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলত নগাৰ বেদখল দেখি স্তম্ভিত হৈ পৰে অসম প্ৰদেশ কংগ্ৰেছৰ দলটি। কেন্দ্ৰীয় চৰকাৰে নগাক আগ্ৰাসন সুযোগ দিয়াৰ ফলত নগাই এনেদৰে অসমৰ সংৰক্ষিত বনাঞ্চলত ধ্বংস কৰি নিজৰ অধীনত আনিছে বুলি চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই। প্ৰদেশ কংগ্ৰেছৰ দলটিয়ে সীমান্ত পৰিভ্ৰমণ কৰি মৰিয়নি নাগিনীজান তিনিআলিৰ পৰা চটাই বাগিছালৈ এক প্ৰতিবাদী সমদলত অংশ লয়। এই প্ৰতিবাদী সমদলত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, সাংসদ গৌৰৱ গগৈ, ৰূপজ্যোতি কুৰ্মিৰ উপৰিও প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, বিৰোধী দলপতি দেৱব্রত শইকীয়া, ডঃ দুৰ্লভ চমুৱাকে আদি কৰি বহু নেতাই অংশ-গ্ৰহণ কৰে৷ প্ৰায় তিনি কিলোমিটাৰ বাট পদযাত্ৰা কৰি চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে কংগ্ৰেছীসকলে৷