আমিনগাঁও : শুকুৰবাৰে কামৰূপ জিলা উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত কামৰূপ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এখন সভা অনুষ্ঠিত হয়৷ কামৰূপ জিলাত চলিত বৰ্ষত এতিয়ালৈ ধুমুহাত ক্ষতিগ্ৰস্ত হোৱা উপযুক্ত লোকক চৰকাৰে নিদ্ধাৰণ কৰি দিয়া সাহায্য প্ৰদান কৰাৰ অৰ্থে বিভিন্ন ৰাজহ চক্ৰৰ পৰা লাভ কৰা প্ৰস্তাৱসমূহত অনুমোদন জনোৱাৰ বাবে জিলা উপায়ুক্ত তথা জিলা প্ৰাধিকৰণৰ সভাপতি কৈলাশ কাৰ্তিক এনৰ সভাপতিত্বত এই সভা অনুষ্ঠিত হয়৷

উল্লেখযোগ্য যে চলিত বিত্তীয় বৰ্ষত এতিয়ালৈ জিলাখনৰ ৭ টা ৰাজহ চক্ৰৰ পৰা এনেধৰণৰ প্ৰস্তাৱ লাভ কৰা হৈছে৷ ইয়াৰ ভিতৰত ধুমুহাত আংশিকভাৱে ক্ষতিগ্ৰস্ত ৩৩ টা পকা ঘৰৰ প্ৰস্তাৱ লাভ কৰা হৈছে৷ সেইদৰে ৩৮ টা সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত কেঁচা ঘৰ আৰু ৪৬৪ টা আংশিকৰূপে ক্ষতিগ্ৰস্ত কেঁচাঘৰৰ প্ৰস্তাৱ লাভ কৰা হৈছে৷ তদুপৰি ৪৮ টা ক্ষতিগ্ৰস্ত গোহালি ঘৰৰ প্ৰস্তাৱো লাভ কৰা হৈছে৷ সভাত এই সকলো প্ৰস্তাৱ সম্পৰ্কে জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বিষয়ববীয়া আৰু ৰাজহ চক্ৰ বিষয়াসকলকে ধৰি প্ৰশাসনৰ বিষয়াসকলৰ উপস্থিতিত বিশদভাৱে আলোচনা কৰা হয়৷ সকলো বিষয় চালি-জাৰি চোৱাৰ পিছত উল্লেখিত প্ৰস্তাৱসমূহত অনুমোদন জনোৱা হয়৷

এইখিনিতে উল্লেখ কৰিব পাৰি যে সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত কেঁচাঘৰৰ বাবে ৩৬,১৩,৮০০ টকা, আংশিক ক্ষতিগ্ৰস্ত পকাঘৰ আৰু কেঁচাঘৰৰ বাবে ক্ৰমে ১,৭১,৬০০ টকা আৰু ১৪,৮৪,৮০০ টকাচ আৰু গোহালিৰ বাবে অনুমোদন কৰা ১,০০,৮০০ টকাকে ধৰি আজি ৫৮৩ টাপ্ৰস্তাৱৰ মুঠ¸ ৫৩.৭১ লাখ টকাত অনুমোদন জনোৱা হয়৷ সভাত ভাষণ প্ৰদান কৰি উপায়ুক্ত কাৰ্তিকে সকলো চক্ৰ বিষয়া আৰু প্ৰাধিকৰণৰ ক্ষেত্ৰীয় বিষয়াসকলক নিজ নিজ সদৰত বাধ্যতামূলকভাৱে থাকিবলৈ নিৰ্দেশ দিয়ে।

দুৰ্যোগৰ এই সময়ছোৱাত সঠিক সময়ত তৎকালীন ব্যৱস্থাৰে উচিত সেৱা আগবঢ়াব পাৰি৷ তদুপৰি এইবাৰ যাতে কোনো ঠাইত মথাউৰি ভাঙিব নোৱাৰে সেইটো নিশ্চিত কৰিবলৈও সকলোকে আহ্বান জনায়৷ আনহাতে বৃহস্পতিবাৰে দক্ষিণ কামৰূপৰ সোণতলী মৌজাৰ ৰাংগাপানীত বানপানীত সলিল সমাধি ঘটা কিশোৰ ৰফিকুল ইছলামৰ পৰিয়াললৈ ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ অধীনত তৎকালীনভাৱে ৪ লাখ টকা আগবঢ়াবলৈ প্ৰযোজনীয় ব্যৱস্তা গ্ৰহণ কৰা হৈছে৷