আজিজ আলী

মুকালমুৱা : বৰক্ষেত্ৰীৰ চৰাঞ্চলৰ বানাক্ৰান্ত ৰাইজৰ কাষত বিধায়ক দিগন্ত বৰ্মন। বৰক্ষেত্ৰী সমষ্টিৰ চৰাঞ্চলৰ বানক্ৰান্ত ৰাইজৰ ক্ষয় ক্ষতিৰ বুজ লোৱাৰ লগতে সাহায্য বিতৰণ বিধায়ক দিগন্ত বৰ্মনৰ। দিগন্ত বৰ্মনে নিজাববীয়াকৈ ৪৫০ বেগ চিৰা আৰু ২০ কুন্টল চেনি বানক্ৰান্ত সকলৰ মাজত বিতৰণ কৰে।

শেহতীয়া ভদীয়া বানে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ বৃহৎ চৰাঞ্চলৰ তিনিটা পঞ্চায়ত ক্ৰমে কালাৰচৰ, ভাংনামাৰী আৰু কুৰিহামাৰী-বৰচলিয়া সম্পূৰ্ণৰূপে প্লাবিত কৰিছে। সমষ্টিটোৰ চৰাঞ্চলবাসী ৰাইজৰ ঘৰ দুৱাৰ সম্পূৰ্ণৰূপে পানীৰ তলত ডুব যোৱাত বানাক্ৰান্ত ৰাইজৰ মাজত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে।

বৰক্ষেত্ৰী সমষ্টিৰ বান প্ৰভাৱিত চৰাঞ্চলৰ ৰাইজে পোহনীয়া জন্তুলৈ ওখ ঠাইৰ আশ্ৰয় গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। ইফালে এই বানাক্ৰান্ত লোক সকলে পানীৰ মাজত থাকিও এটুপাল বিশুদ্ধ খোৱা পানীৰ লগতে খাদ্য সামগ্ৰীৰ অভাৱত পৰা পৰিলক্ষিত হৈছে। খাদ্য সংকটত পৰা এই বানাক্ৰান্ত লোক সকলৰ মাজত বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনে তৎকালীনভাৱে নিজাববীয়াকৈ ৪৫০ বেগ চিৰা আৰু ২০ কুন্টল চেনি সাহায্য প্রদান কৰিছে।

ব্ৰহ্মপুত্ৰ নদীৰ বুকুত থকা ইটোৰ পিছত আনটো চৰাঞ্চলত উপস্থিত হৈ বিধায়ক গৰাকীয়ে বানাক্ৰান্ত ৰাইজৰ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে খাদ্য সামগ্ৰী বিতৰণ কৰিছে। বিধায়ক গৰাকীৰ লগতে জিলা কংগ্ৰেছৰ উপ সভাপতি জেহেৰুল হক, ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক চাধুল্লা আলী, প্ৰাক্তন আঞ্চলিক পঞ্চায়ত সভাপতি নাচিৰ প্ৰধানী, আব্দুল মতলেব, ঘোগা মণ্ডল কংগ্ৰেছৰ সভাপতি মস্তোফা আলীকে ধৰি বহু দলীয় কৰ্মী উপস্থিত থাকে।