ৰঙিয়া : চৰকাৰে মেধাৱী ছাত্ৰী সকলক দিয়া ৰঙা স্কুটীৰ পৰা জব্দ আঢ়ৈ কোটি টকা মূল্যৰ ড্ৰাগছ। ৰঙা স্কুটীখনৰ পৰা উদ্ধাৰ ১৮ টাকৈ ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচ। আটক দীর্ঘদিন ধৰি ড্ৰাগছ সৰবৰাহৰ লগত জড়িত থকা ছফিকুল আলী নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰী। ড্ৰাগছ সৰবৰাহকাৰীজনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। 

অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে। ড্ৰাগছ বিৰোধী অভিযান চলাই প্ৰতিদিনে আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ সৰবৰাহকাৰী সকলক জালত পেলাবলৈ সক্ষম হৈছে। আৰক্ষীৰ এই ধাৰাবাহিক সাফল্যৰ মাজতে মঙলবাৰে নিশাৰ ভাগত কামৰূপ আৰক্ষীয়ে লাভ কৰিলে এক বৃহৎ সাফল্য।

এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই কামৰূপ আৰক্ষীয়ে ৰঙিয়া নগৰৰ জি কে কে পেট্ৰল পাম্পৰ সমীপত এএছ-১৩-এন-৫৮৩৮ নম্বৰৰ ৰঙা স্কুটীৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰাৰ লগতে ছফিকুল আলী নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে। ৰঙা স্কুটীখনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰা ১৮ টা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচৰ মুঠ ৩১০ গ্ৰাম ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে।

জব্দকৃত ৩১০ গ্ৰাম ড্ৰাগছখিনিৰ বজাৰ মূল্য আঢ়ৈ কোটি টকা হ’ব বুলি আৰক্ষীয়ে অনুমান কৰিছে। ৰঙিয়াৰ টেটেলিগুৰিৰ ছফিকুল আলী নামৰ ড্ৰাগছ সৰবৰাহকাৰীজনে দীর্ঘদিন ধৰি অঞ্চলটোত ড্ৰাগছৰ সৰবৰাহৰ লগত জড়িত আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। অধিক তথ্যৰ বাবে আৰক্ষীয়ে ছফিকুল আলীক জেৰা চলাই আছে।