গুৱাহাটী : জে বি আইন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সহযোগত ডঃ দিব্যজ্যোতি শইকীয়াই উদ্ধাৰ কৰিলে অচিনাক্ত যুৱকক। মঙলবাৰে গুৱাহাটীৰ ৰাজপথৰ পৰা এজন অচিনাক্ত মানসিক ভাৰসাম্যহীন, শাৰীৰিকভাৱে দুৰ্বল আৰু আঘাটপ্ৰাপ্ত ঝাৰখণ্ডৰ যুৱকক উদ্ধাৰ কৰা হয়। অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজকর্মী ডঃ দিব্যজ্যোতি শইকীয়াই কয় যে দুপৰীয়া ১ মান বজাত হঠাৎ জে বি আইন মহাবিদ্যালয়ৰ এগৰাকী অচিনাকী ছাত্ৰীয়ে তেওঁক ফোন যোগে মহাবিদ্যালয়ৰ সন্মুখত এজন যুৱক পৰি থকা বুলি জানিবলৈ দিয়ে।

পূজা বৰদলৈ নামৰ যুৱতী গৰাকীৰ লগতে আন পাঁচ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ডঃ দিব্যজ্যোতি শইকীয়াৰ লগতে বহু লোকক উক্ত ঘটনাৰ বিষয়ে অৱগত কৰে যদিও কোনো লোক আগবাঢ়ি নাহে। বিষয়টো জনাৰ লগে লগে ডঃ দিব্যজ্যোতি শইকীয়াইও গুৱাহাটীৰ বহু কেইটা মানসিক ৰোগীক উদ্ধাৰ আৰু সেৱা কৰা নামজ্বলা বেচৰকাৰী সংস্থাক অৱগত কৰাৰ লগতে যুৱকজনক উদ্ধাৰ কৰাৰ বাবে আহ্বান জনায়। ইয়াৰ উপৰি ৰাজ্য চৰকাৰৰ সমাজ কল্যান বিভাগ আদিকও ঘটনা সন্দৰ্ভত অৱগত কৰি যুৱকজনক উদ্ধাৰৰ বাবে অনুৰোধ জনায়। অৱশেষত “হেল্প এইড” নামৰ এক বেচৰকাৰী সংস্থাই দায়িত্ব লয়।

আনহাতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা কমাৰ্চ পইণ্টলৈ এম্বুলেন্স আহোঁতে সময় লাগিল প্ৰায় তিনি ঘণ্টাতকৈ অধিক। জে বি আইন মহাবিদ্যালয়ৰ পূজা বৰদলৈ নামৰ ছাত্ৰী গৰাকীৰ নেতৃত্বত ঋকছিটা, ৰুকছানা, সন্দিপ, মেহস্ফূজ আলম আদি ছাত্ৰ-ছাত্ৰীৰ সহযোগত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল উক্ত যুৱকজনক। সমগ্ৰ বিষয় তথা যুৱকজনক মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ তত্বাৱধানত পৰিচৰ্যা কৰাৰ অন্তত যুৱকজনক “হেল্প এইড”ৰ সদস্যই তেওঁলোকৰ নিজা চেণ্টাৰলৈ লৈ যায়।

এই সমগ্ৰ বিষয়টোত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ডঃ দিব্যজ্যোতি শইকীয়াই কয় যে মহানগৰীৰ মাজ মজিয়াত তিনি কিলমিটাৰৰ ব্যৱধানত চৰকাৰী এম্বুলেন্স সেৱাৰ সময়ৰ প্ৰয়োজন হয় নূন্যতম তিনিঘণ্টা। আনহাতে বহু সংস্থাই মানসিক ৰোগীক উদ্ধাৰ আৰু সেৱা কৰা বুলি কৈ আহিছে যদিও সময়ত সকলো ফুটুকাৰ ফেনহে। এইসমূহৰ বিপৰীতে জে বি আইন মহাবিদ্যালয়ৰ কেইজনমান ছাত্ৰ-ছাত্ৰীয়ে দেখুওৱা মহানুভতাক ডঃ দিব্যজ্যোতি শইকীয়াই ভূয়সী প্ৰশংসা কৰিছে।