নিউজ ডেস্ক, সংবাদ ৩৬৫, ২১ ছেপ্টেম্বৰ : চলিত মাহত শতাধিক বাৰ যুদ্ধবিৰতি উলংঘন কৰিছে পাকিস্তানে। পুনৰ শনিবাৰে পুৱা ৯.৪৫ মিনিটত যুদ্ধ বিৰতি উলংঘন কৰে পাকিস্তানী সেনাই । ভাৰতীয় সেনালৈ লক্ষ্য কৰি নচেৰা আৰু আখনুৰ চেক্টৰত পাকিস্তানী সেনাই গুলিবৰ্ষণ কৰে । কৃষ্ণা ঘাটিটো আক্ৰমণ কৰে পাকিস্তানী সেনাই ।

পাকিস্তানী সেনাই গুলিবৰ্ষণ কৰাত প্ৰত্যুত্তৰ দি ভাৰতীয় সেনাইও গুলীবৰ্ষণ কৰিবলগা হয়।

ইফালে পাক সেনাৰ যুদ্ধবিৰতি উলংঘনৰ বাবে সীমান্তৱৰ্তী বিদ্যালয়সমূহ বন্ধ ৰখা হৈছে।