কুন্দন ভৰালী

কাজিৰঙা

১৫ জুলাই

কাজিৰঙা ৰাষ্টীয় উদ্যানত অপৰিবৰ্তিত বান পৰিস্থিতি। বৰ্তমানেও বাঢ়নী পানীত ডুব গৈ আছে উদ্যানখনৰ বিস্তীৰ্ণ এলেকা। নিৰাপদ আশ্রয়ৰ সন্ধানত উদ্যানখনৰ পৰা বন্যপ্ৰাণী ওলাই আহি আশ্ৰয় লৈছে ওখ ঠাই সমূহত। বাঢ়নী পানীৰ মাজত ককবকাই থকা বন্যপ্ৰাণী সমূহক উদ্ধাৰ কৰিবলৈ দিনে নিশাই চলিছে বন বিভাগৰ অভিযান।

সমগ্ৰ বিশ্বৰ লগতে ভাৰততো কৰ’ণা ভাইৰাছৰ তাণ্ডৱ চলি থকাৰ মাজতে ৰাজ্যত ক্ৰমাৎ কালৰূপ ধাৰণ কৰিছে বানপানীয়ে। উজনিৰ পৰা নামনিলৈকে সমগ্ৰ ৰাজ্যতে এতিয়া এক সাগৰ সদৃশ পৰিৱেশ। মহাবহু ব্ৰহ্মপুত্ৰকে ধৰি ৰাজ্যৰ নৈ-উপনৈ সমূহ উফন্দি উঠাত বানৰ কবলত পৰা লোক সকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ। মানুহৰ লগতে বন্যপ্ৰাণী সমূহৰ বাবেও ভাবুকি কঢ়িয়াই আনিছে বলিয়া বানে। কাজিৰঙা ৰাষ্টীয় উদ্যানকে ধৰি পবিতাৰ অভয়াৰণ্য আৰু লাওখোৱা অভয়াৰণ্যৰ বিস্তীৰ্ণ এলেকা বাঢ়নী পানীত ডুব যোৱাত বন্যপ্ৰাণী সমূহে নিৰাপদ স্থল বিচাৰি হাহাকাৰ কৰা পৰিলক্ষিত হৈছে।

এশিঙীয়া গঁড়ৰ বাবে বিশ্ব বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানীত প্লাবিত হৈ পৰাত বিলাই-বিপত্তি নোহোৱা হৈছে উদ্যানখনৰ জীৱকুলৰ। বলিয়া বানৰ প্ৰকোপৰ পৰা ৰক্ষা পাবলৈ উদ্যানখন জীৱকুলে চলাই গৈছে আপ্রাণ চেষ্টা। প্ৰাণ ৰক্ষাৰ যুঁজখনত বহু বন্যপ্ৰাণীৰ পোৱালি বিচ্ছিন্ন হৈ পৰিছে মাতৃৰ পৰা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন বিভাগে জীৱকূলক বানপানীৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ দিনে-নিশাই অভিযান অব্যাহত ৰাখিছে যদিও মঙলবাৰে কাজিৰঙা বন সংমণ্ডলৰ অন্তৰ্গত আগৰাতলিৰ বন কৰ্মীসকলে মাতৃৰ পৰা বিচ্চিন্ন হৈ পৰা এটি গঁড়ৰ পোৱালি বাঢ়নী পানীৰ মাজৰ পৰা উদ্ধাৰ কৰে।

আগৰাতলিৰ বন কৰ্মীসকলে উদ্ধাৰ কৰা গঁড়ৰ পোৱালিটো বৰ্তমান বন বিভাগৰ নিৰীক্ষণত আছে। আনহাতে উদ্যানখনৰ মাজেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰাণৰ মায়াত উদ্যানখনৰ পৰা ওলাই অহা কেইবাটাও পহুৰ গাড়ীৰ খুন্দাত মৃত্যু হোৱাৰ লগতে আঘাতপ্ৰাপ্ত হৈছে বহু পহু। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানৰ পানী অধিক বৃদ্ধি পাবলৈ ধৰাত বন্যপ্ৰাণী সমূহৰ ওখ স্থলৰ সন্ধানত কাষৰীয়া কাৰ্বি পাহাৰলৈ ঢাপলি মেলিছে।