ফজলুৰ ৰহমান

সোণতলী

১৪ জুলাই

দক্ষিণ কামৰূপৰ সোণতলীত বানাক্ৰান্তৰ কাষত বিধায়িকা নন্দিতা দাস। সোণতলীৰ চৰাঞ্চলত ভয়াবহ ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে। ঘৰ এৰি আশ্ৰয় শিবিৰত থাকিবলৈ বাধ্য হাজাৰ হাজাৰ লোক। বানাক্ৰান্ত ৰাইজৰ দুখ-দুৰ্গতিৰ বুজ লবলৈ বিধায়িকা নন্দিতা দাসৰ বান বিধ্বস্ত অঞ্চল পৰিভ্ৰমণ।

দক্ষিণ কামৰূপৰ সোণতলীৰ বিভিন্ন অঞ্চলৰ লগতে পানীখাইতিৰ চৌদিশে এতিয়া কেৱল পানী আৰু পানী৷ ব্ৰহ্মপুত্ৰ নদী উফন্দি উঠাৰ ফলত পানীখাইতিত ক্ৰমাৎ ভয়াবহ ৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়৷ বাঢ়নী পানীত সপোনৰ ঘৰখন ডুব যোৱাত নিৰাপদ আশ্ৰায়স্থল বিচাৰি হাহাকাৰ কৰিছে বানাক্ৰান্ত ৰাইজে। ওখ ঠাই, মাথাউৰি, পথৰ কাষত আশ্ৰয় লৈছে হাজাৰ হাজাৰ লোকে। লুইতৰ বলিয়া বানে বকো সমষ্টিৰ সোণতলী মৌজাৰ বহু অঞ্চলত এক বিভিষীকাময় পৰিস্থিৰ সৃষ্টি কৰিছে। কৃষিপ্ৰধান অঞ্চলটোৰ হাজাৰ হাজাৰ বিঘা ধান খেতি, মৰাপাট, কুহিয়াৰ, শাক-পাচলিৰ খেতি বলীয়া বানে নষ্ট কৰাত মুৰে কপালে হাত দিব লগা হৈছে কৃষক সকলে৷ বানত ককবকাই থকা অঞ্চলসমুহৰ বানাক্ৰান্তৰ বুজ লবলৈ যন্ত্ৰচালিত নাৱেৰে মঙলবাৰে পানীখাইতিত উপস্থিত হয় বকোৰ বিধায়িকা নন্দিতা দাসে। বিধায়িকা গৰাকীয়ে সোণতলীৰ পানীখাইতি, গৰুৰচৰ, জ্যোতিদিয়া অঞ্চলতো বানাক্ৰান্ত ৰাইজৰ বুজ লোৱাৰ লগতে বানাক্ৰান্ত সকলৰ মাজত বিশুদ্ধ খোৱা পানী, তিৰপাল, চিৰা, বিস্কুট আদি বিতৰণ কৰে।

বকোৰ বিধায়িকা গৰাকীয়ে বৰ্তমানৰ চৰকাৰখনক তীব্ৰ সমালোচনা কৰি কয় যে এইখন চৰকাৰে সাম্প্ৰদায়িক মনোভাৱ লৈ কাম কৰা চৰকাৰ। ৰাইজ বাঢ়নী পানীৰ মাজত ককবকাই আছে কিন্তু চৰকাৰৰ কোনো এজন বিষয়া বা মন্ত্ৰীয়ে পানীখািতি অঞ্চলৰ বানাক্ৰান্ত ৰাইজৰ কোনো দিনেই খবৰ লোৱা নাই৷ বানাক্ৰান্ত অঞ্চল সমূহ
পৰিদৰ্শনৰ সময়ত বিধায়িকা গৰাকীৰ লগত উপস্থিত থাকে মাহাতলীগাঁও পঞ্চায়ত সভাপতি তাইজুদ্দিন আহমেদ।