কাজিৰঙা, সংবাদ ৩৬৫,১৩ অক্টোবৰ : শনিবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰি মাননীয় মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে কাজিৰঙাক প্লাষ্টিকমুক্ত আৰু প্ৰদূষণমুক্ত কৰাৰ ওপৰত গুৰুত্ব দিয়ে আৰু স্থানীয় ৰাইজ তথা বন বিভাগক সন্মিলিত প্ৰচেষ্টাৰে কাম কৰি যাবলৈ আহ্বান জনায়।

বিভিন্ন প্ৰাকৃতিক সম্পদ আৰু জৈৱ বৈচিত্ৰ্যতাৰে পৰিপূৰ্ণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে পৰ্যটকক অসমৰ প্ৰতি আকৰ্ষিত কৰি আহিছে। দেশ-বিদেশৰ পৰ্যটকৰ সংখ্যা যাতে পূৰ্বতকৈ বৃদ্ধি পায়, তাৰ বাবে ইয়াৰ সুৰক্ষা আৰু স্বচ্ছতাৰ প্ৰতি সজাগ হ’বলৈ উপস্থিত ৰাইজ আৰু বিষয়ববীয়াক আহ্বান জনাই মাননীয় মুখ্যমন্ত্ৰীয়ে ।

সতীৰ্থ মন্ত্ৰী কেশৱ মহন্ত, অতুল বৰা, ৰাজ্যসভাৰ মাননীয় সাংসদ কামাখ্যা প্ৰসাদ তাচাৰ উপস্থিতত পৰ্যটকসকলৰ সহায় হোৱাকৈ আজি আমি প্ৰচাৰ পত্ৰ মুকলি কৰে।

বানপানীৰ সময়ত কাজিৰঙাৰ বন্যপ্ৰাণীক সুৰক্ষিত কৰিবলৈ আমাৰ চৰকাৰে হাইলেণ্ড নিৰ্মাণ কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ৰাইজৰ সহযোগত কঠোৰ পদক্ষেপৰদ্বাৰা চোৰাং চিকাৰ যথেষ্ট ৰোধ কৰিবলৈও সক্ষম হৈছোঁ। এইবেলি বানত সেইবাবেই এটা খৰ্গৰ গঁড়ৰ ওপৰিও বহু দুষ্প্ৰাপ্য জীৱ-জন্তুক সুৰক্ষা প্ৰদান কৰাটো এতিয়া সম্ভৱপৰ হৈছে বুলি ভাষণত উল্লেখ কৰি মাননীয় মুখ্যমন্ত্ৰীয়ে আমাৰ কামক স্বীকৃতি প্ৰদান কৰাত আনন্দিত হৈছো ।