গুৱাহাটী, সংবাদ ৩৬৫, ১৪ অক্টোবৰ : গুৱাহাটীৰ নালাপৰাত হোৱা গুলি চালনাৰ সন্দৰ্ভত আৰক্ষী আয়ুক্ত দীপক কুমাৰৰ মন্তব্য । আৰক্ষী আয়ুক্ত দীপক কুমাৰে কয় যে দেওবাৰে সন্ধিয়া প্ৰায় ৬ বজাত জৰুল ইছলাম নামৰ ব্যক্তিজনক গুলিওৱা হৈছে । বৰপেটাৰ জৰুল ইছলাম সাধাৰণ ব্যবসায় লোহা-লক্কৰ কাম কৰা এজন ব্যক্তি। ইমান এজন সাধাৰণ ব্যৱসায়ীক কি কাৰণত গুলীয়াব পাৰে সেইয়া গম্ভীৰভাৱে পৰ্যবেক্ষণ কৰা হব ।

ঘটনাৰ দিনা জৰুল ইছলামৰ দোকানলৈ সোমাই আহিছিল দুজন যুৱক আৰু সোমাই আহিয়েই পইছা বিচাৰিছিল জৰুলক কিন্তু জৰুল ইছলামে পইছা দিবলৈ অমান্তি হোৱাত জৰুল ইছলামৰ ভৰিত গুলীয়াই উক্ত স্থানৰ পৰা পলাই যায়।

আৰক্ষী আয়ুক্তগৰাকীয়ে কয় যে ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে তদন্ত অব্যাহত ৰখা হৈছে। এটা হস্তনিৰ্মিত পিষ্টলেৰে গুলীওৱা হৈছে । আমি এইয়া জানিবলৈ চেষ্টা কৰিছো যে এই ঘটনাটো কিহৰ বাবে সংঘটিত হৈছে। টকা-পইছাৰ বাবে নে ব্যক্তিগত সংঘাতৰ বাবে । ইতিমধ্যে বহুতো তথ্য আমাৰ হাতত আহি পৰিছে যদিও সেইয়া আমি ৰাজহুৱা কৰিব নোৱাৰো।