গুৱাহাটী : শিক্ষাৰ্থীসকলৰ প্ৰতিভা বিকাশৰ লক্ষ্যৰে শিশু নিকেতন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত ৩ জানুৱাৰীৰ পৰা ৭ জানুৱাৰীলৈকে গুৱাহাটীৰ আৰ্য নগৰৰ আই টি আই খেলপথাৰত অনুষ্ঠিত হৈছে খেলো গুৱাহাটী আন্তঃবিদ্যালয় টেনিছ বল ক্রিকেট প্রতিযোগিতা (Khelo Guwahati)। বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যসকলৰ উপস্থিতিত প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে শিশু নিকেতন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সভাপতি পৱন কুমাৰ আগৰৱালাই।

বিশিষ্ট ব্যক্তিসকলে বিদ্যালয়ৰ পতাকা, খেলৰ পতাকা আৰু বঁটাসমূহ আনুষ্ঠানিকভাৱে মুকলি কৰে। শিশু নিকেতন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা বীণা ভৌমিকে প্রতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিযোগীসকলক আদৰি আনে। পৰিচালনা সমিতিৰ সভাপতি পৱন কুমাৰ আগৰৱালাই খেলুৱৈসকলক খেলৰ প্ৰতি প্ৰেৰণা যোগাই কয় যে প্রতিযোগিতাত ল’ৰাৰ সৈতে সমানে ছোৱালীসকলে আগবাঢ়ি আহিব লাগে। উক্ত উদ্বোধনী অনুষ্ঠানত দিগম্বৰ জৈন বিদ্যালয়, ৰোজ বার্ট হাইস্কুল আৰু ব্লু বার্ট
ইংলিছ হাইস্কুলৰ অধ্যক্ষ উপস্থিত থাকে। বীণা ভৌমিকে কয় যে উক্ত প্রতিযোগিতাত তেৰখন বিদ্যালয়ে অংশগ্ৰহণ কৰিছে। বিশেষকৈ হেপি চাইল্ট হাইস্কুল, শ্রীদিগম্বৰ জৈন বিদ্যালয়, ডাণ্টিন একাডেমী, ৰোজ বার্ট হাইস্কুল, সোণাৰাম হায়াৰ ছেকেণ্ডাৰী স্কুল, এঞ্জেলছ এইচ এছ স্কুল, নিকলছ হায়াৰ ছেকেণ্ডাৰী স্কুল, ব্লু বাট ইংলিছ হাইস্কুল, বাই ডব্লিউ চি এ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নতুন ফটাশিল হাইস্কুল, অকলেও ইংলিছ হাইস্কুল, ছানফ্ৰাৱাৰ ইংলিছ স্কুল আৰু শিশু নিকেতন হায়াৰ ছেকেণ্ডাৰী স্কুলৰ শিক্ষাৰ্থীসকলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।

আন্তঃবিদ্যালয় টেনিছ বল ক্রিকেট প্রতিযোগিতাত ল’ৰাৰ তেৰটা দল আৰু ছোৱালীৰ ছটা দলে অংশগ্রহণ কৰে। উল্লেখ্য যে দলকেইটাক চাৰিটা ভাগত বিভক্ত কৰা হৈছে। খেলসমূহ লীগভিত্তিত অনুষ্ঠিত হ’ব। প্ৰতিটো দলে লীগ পর্যায়ত দুখনকৈ খেল খেলাৰ সুবিধা লাভ কৰিব। প্ৰতিটো গ্ৰুপৰ শ্ৰেষ্ঠ দুটা দলে ছেমি ফাইনেলৰ যোগ্যতা অৰ্জন কৰিব। যদি কোনোবা দলে সমান সমান পইণ্ট লাভ কৰে তেন্তে নেট ৰাণ ৰেটৰ ওপৰত ভিত্তি কৰি ছেমি ফাইনেলৰ দল বাছনি কৰা হ’ব। প্রতিযোগিতাৰ শ্ল’গান দিয়া হৈছে ‘লেটছ ইউনিট ‘ স্পট’।

প্ৰথমবাৰৰ বাবে আন্তঃবিদ্যালয় ভিত্তিত এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে, যাতে শিক্ষাৰ্থীসকলৰ ভিতৰত লুকাই থকা ক্রীড়া প্রতিভা বাহিৰলৈ ওলাই আহে। ক্ৰীড়াৰ প্ৰতি আকৰ্ষণ কৰাৰ লক্ষ্যৰে প্ৰতি বছৰে ‘খেলো গুৱাহাটী’ আয়োজনৰ পৰিকল্পনা হাতত লোৱা হৈছে। বিজয়ী দলে বঁটাৰ লগতে বিভিন্ন পুৰস্কাৰ লাভ কৰিব। একেদৰে মেন অৱ দ্য মেচ, মেন অৱ দ্য টুর্ণামেন্ট, শ্রেষ্ঠ খেলুৱৈ আৰু শৃংখলাৱদ্ধ দলকো পুৰস্কাৰ প্ৰদান কৰা হ’ব।