ক্ষেত্ৰী, সংবাদ ৩৬৫, ২৬ ছেপ্টেম্বৰ : বৃহস্পতিবাৰে ৰাতিপুৱা প্ৰায় ৫.৩০ মান বজাত মহানগৰীৰ ক্ষেত্ৰীৰ কেন্দুবামৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা।

পথত ৰৈ থকা এখন ট্ৰাকত তীব্ৰ জোৰেৰে খুন্দা মাৰে এখন টুৰিষ্ট টেক্সি চুইফট ডিজায়াৰে । দুৰ্ঘটনাটোত ভাঙি চুৰমাৰ হয় বাহনখন।

বাহনখনত থকা দুই আৰোহী গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হৈ বাহনৰ ভিতৰতে আৱদ্ধ হৈ পৰে। পাছত আৰক্ষী আৰু স্থানীয় লোকৰ তৎপৰতাত চিকিৎসাৰ বাবে জি এম চি এইছলৈ পপ্ৰেৰণ কৰে যদিও চিকিৎসালয়তে লখিমপুৰৰ জনাৰ্দন শৰ্মা নামৰ ব্যক্তিজনৰ মৃত্যু হয়।

টুৰিষ্ট টেক্সি চুইফট ডিজায়াৰ বাহনখনৰ নম্বৰ এ এছ ০১কে চি ৭৫৬৫।