গোলাঘাট, সংবাদ ৩৬৫, ২৬ ছেপ্টেম্বৰ : ক্ৰমান্বয়ে ইটোৰ পাছত সিটোকৈ বাঢ়ি আহিছে পথ দুৰ্ঘটনা । ডিমৌত অলপতে হৈ যোৱা দুটা ভয়াৱহ দুৰ্ঘটনাৰ পিছত পুনৰ এক ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিলে তিনি আৱকাৰী বিষয়াৰ।

প্ৰাপ্ত খবৰ অনুসৰি এক বিশেষ অভিযানৰ হেতু আৱকাৰী ইনটেলিজেণ্জছ ব্যুৰ’ৰ এটা ছজনীয়া দল টাটা চুম’ত বোকাখাতৰ পৰা যোৰহাট অভিমুখে গৈ আছিল। বাটতে মৰঙীৰ সাৰৰগাঁৱৰ শিশু ভৱন বিদ্যালয়ৰ কাষত এখন ডাম্পাৰৰ সৈতে টাটা চুম’খনৰ মাজত মুখামুখি সংঘর্ষ হয় আৰু থিতাতে জ্বলি উঠে দুয়োখন বাহন ।

অগ্নিদগ্ধ হৈ থিতাতে মৃত্যু হয় তিনি আৱকাৰী বিষয়া। আহতসকলক ততালিকে প্ৰেৰণ কৰা হয় কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ ।

নিহত কেইজন ক্রমে আৱকাৰী বিভাগৰ চোৰাংচোৱা বিষয়া চামু মাইবংচা, কনিষ্টবল ৰমেন ৰংজাং আৰু হৰেকৃষ্ণ কুমাৰ।

ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে ডাম্পাৰখনৰ চালক আৰু হেণ্ডিমেনে ।