বৰপেটা, সংবাদ ৩৬৫, ৩ ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী বিলৰ বিৰোধিতাৰে ৰাজ্যৰ চাৰিওফালে এতিয়া কেৱল প্ৰতিবাদৰ আৰু প্ৰতিবাদ । দল-সংগঠনকে ধৰি বাদ পৰি ৰোৱা নাই ছাত্ৰ সমাজো ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত জোঁৰ সমদল উলিওৱা হৈছে কেবৰ বিৰোধীতাৰে। বৰপেটা চহৰতো কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত মঙলবাৰে চাউলখোৱা নদীৰ পাৰৰ পৰা জোঁৰ সমদল উলিয়াই চহৰৰ মূল সকলো পথেদি গৈ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখেৰে আহি পুনৰ চাউলখোৱা নদীৰ পাৰত প্ৰতিবাদী কাৰ্যসূচীৰ সামৰণি মাৰে ।

উক্ত প্ৰতিবাদী কাৰ্যসূচীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলাম, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক ৰাতুল হুছেইন, বৰপেটা জিলা কৃষক মুক্তিৰ সভাপতি ৰফিকুল ইছলাম, উপ-সভাপতি চাণক্য ডেকা, সম্পাদক কাজী নাজিমুল হক, কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সদস্য গুৰুপ্ৰসাদ দাস, বৰপেটা জিলা ছাত্ৰ মুক্তিৰ নেতা আশ্ৰাফুল হুছেইন আদিকে ধৰি বহু নেতাই অংশগ্ৰহণ কৰে।

” অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাইজ আৰু বিভিন্ন দল-সংগঠনৰ ঐক্যবদ্ধ সংগ্ৰামক ভেঙুচালি কৰি আৰু শেহতীয়ালৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে আলোচনাৰ নামত ভেকোভাওনা কৰি মোদী চৰকাৰে পুনৰ কেব উত্থাপন কৰিব বিচৰা কাৰ্যই তেওঁলোকৰ ফেচিষ্ট আৰু সাম্প্ৰদায়িক চৰিত্র উদঙাই দিছে। ভাৰতবর্ষৰ ধৰ্মনিৰপেক্ষতাবাদ ধংশ কৰি ভাৰতবর্ষত হিন্দুত্ববাদ প্ৰতিষ্ঠাৰ ভয়ংকৰ ষড়যন্ত্ৰ কৰিছে ” – প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি এনেদৰে কয় ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামে ।

উক্ত প্ৰতিবাদী কাৰ্যসূচীত অসম আৰু অসমীয়া জাতিধ্বংসী কেব বাতিল কৰক, সংবিধান বিৰোধী কেব বাতিল কৰক, হিমন্ত বিশ্ব শৰ্মা হুচিয়াৰ,মোদী চৰকাৰ হায় হায়, সোনোৱাল চৰকাৰ হায় হায় আদি বিভিন্ন প্ৰতিবাদী শ্লো গানেৰে কেবৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে বৰপেটা চহৰ উত্তাল কৰি তোলে ।