গুৱাহাটী, সংবাদ ৩৬৫, ১১ অক্টোবৰ : নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীতাৰে ৰাজ্যজুৰি পুনৰ আন্দোলনত নামিল কৃষক মুক্তি সংগ্রাম সমিতি। সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীৰ উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত এক শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সমিতিয়ে।

নৰেন্দ্ৰ মোদী হুচীয়াৰ, অমিত শ্বাহ গ’ বেক, নাগৰিকত্ব সংশোধনী বিধেয়ক মানি লোৱা নহ’ব আদি ধ্বনিৰে প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে।

কেৱ গৃহীত কৰাৰ সিদ্ধান্তক কোনো পধ্যেই মানি লোৱা নহ’ব আৰু যেতিয়ালৈকে এই সিদ্ধান্ত উঠোৱাই নলয় তেতিয়া লৈকে এনেদৰেই প্ৰতিবাদ সাব্যস্ত কৰি যাব বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে প্ৰতিবাদকাৰীসকলে ।

সংবাদ মাধ্যমৰ আগত অখিল গগৈৰ মন্তব্য – “অসমে কোনোপধ্যেই নাগৰিকত্ব সংশোধনী বিধেয়ক মানি নলয়। অসমত যদি ৩ কোটি ১১ লাখ মানুহৰ ওপৰত নতুনকৈ প্ৰায় ২ কোটি মানুহ জাপি দিয়ে তেনেহলে অসমত থাকিব কোন?”

সম্পূৰ্ণ শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিকভাৱে আন্দোলন কৰি থকাৰ মাজতে আৰক্ষীয়ে আটক কৰি নিয়ে অখিল গগৈকে ধৰি কেইবাজনো প্ৰতিবাদকাৰীক ।

“আমি শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছিলো কিন্তু আৰক্ষীয়ে আমাক অগণতান্ত্ৰিকভাৱে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ অগণতান্ত্রিকতাক ধিক্কাৰ দিছোঁ” – আৰক্ষীয়ে অখিল গগৈক গ্ৰেপ্তাৰ কৰাৰ পাছত এনেদৰে কয় সংবাদ মাধ্যমৰ আগত ।

উল্লেখযোগ্য যে আৰক্ষীয়ে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ প্ৰতিবাদকাৰীসকলক আধা ঘন্টা নিৰ্ধাৰিত সময়সীমা বান্ধি দিছিল ।