নিউজ ডেস্ক, সংবাদ ৩৬৫, ১১ অক্টোবৰ : আজি সমগ্ৰ ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ । যোৰহাট, গোলাঘাট , গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

ইয়াৰ সমান্তৰালকৈ তিতাবৰতো কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে কেবৰ বিৰোধীতাৰে। অৰ্ধ উলংগ হৈ প্ৰতিবাদ সাব্যস্ত কৰে তিতাবৰৰ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

অখিল গগৈৰ মুক্তিৰ দাবীত অৰ্ধনগ্ন হয় কেইবাজনো প্ৰতিবাদকাৰী। তিতাবৰ ষ্টেচন তিনি আলিত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোয়ে। চৰকাৰ বিৰোধী শ্লোগানেৰে কঁপাই তোলে প্ৰতিবাদস্থলী।

উল্লেখযোগ্য যে সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অখিল গগৈৰ নেতৃত্বত সম্পূৰ্ণ শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিকভাৱে আন্দোলন কৰি থকাৰ মাজতে আৰক্ষীয়ে আটক কৰি নিয়ে অখিল গগৈকে ধৰি কেইবাজনো প্ৰতিবাদকাৰীক । যাৰ বাবে অখিল গগৈৰ মুক্তিৰ বাবে অৰ্ধনগ্ন হৈ প্ৰতিবাদ কৰে তিতাবৰৰ প্ৰতিবাদকাৰীসকলে ।

নাগৰিকত্ব আইন ১৯৫৫ৰ মতে যিবোৰ বিদেশী লোকে পৰ্যাপ্ত নথি পত্ৰ অবিহনে ভাৰতত প্ৰৱেশ কৰে বা ভিছাৰ ম্যাদ শেষ হোৱাৰ পাছত ভাৰতত বসৱাস কৰি আছে তেওঁলোকক অনুপ্ৰৱেশকাৰী হিচাপে গণ্য কৰা হয়। ইফালে, ১৯৮৫ চনত স্বাক্ষৰিত অসম চুক্তি অনুসৰি ১৯৭১ চনৰ ২৫ মাৰ্চৰ সকলো অবৈধ বাংলাদেশী নাগৰিকক বিদেশী বুলি গণ্য কৰি বিতাৰিত কৰাৰ কথা আছিল।

শেহতীয়াকৈ এই নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ই অসম চুক্তিক অৱমাননা কৰে। কিয়নো এই বিধেয়কখন আইনত পৰিণত হ’লে ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ আগতে বাংলাদেশ, আফগানিস্তান আৰু পূৱ পাকিস্তানৰ পৰা ভাৰতলৈ অহা সেই দেশৰ সংখ্যালঘু লোক সকলে ভাৰতত থকাৰ অনুমতি লাভ কৰিব। যাৰ বাবে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে দল-সংগঠনসমূহে।